শিৱসাগৰত দিব্যাংগসকলৰ বাবে সজাগতা অনুষ্ঠান

শিৱসাগৰত দিব্যাংগসকলৰ বাবে সজাগতা অনুষ্ঠান
Published on

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু অধিকৰণৰ সহযোগত কম্প'জিট ৰিজিঅ'নেল চেণ্টাৰে বৃহস্পতিবাৰে শিৱসাগৰত আয়োজন কৰে দিনযোৰা এক সজাগতা অনুষ্ঠানৰ ৷ দিব্যাংগসকলৰ সকলো প্ৰতিবন্ধকতা আঁতৰাই সৰ্বাত্মক শিক্ষাৰে শিক্ষিত কৰা, আৰ্থিক স্বাৱলম্বী কৰি গঢ়ি তোলা আদি লক্ষ্য লৈ ভাৰত চৰকাৰে আৰম্ভ কৰা বিভিন্ন কৰ্মসূচীৰ এক অংশ স্বৰূপ এই সজাগতা সভাৰ জড়িয়তে জিলাখনৰ সহস্ৰাধিক দিব্যাংগক এক মাৰ্গ দৰ্শন দিয়ে সমল ব্যক্তিসকলে ৷ শিৱসাগৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰা সভাখনত কেইবাগৰাকীও দিব্যাংগই নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে ৷

কম্প'জিট ৰিজিঅ'নেল চেণ্টাৰে যোৱা ১৫ বছৰত দিব্যাংগসকলৰ বাবে কাম কৰি আহিছে ৷ দিব্যাংগক পুনৰ সংস্থাপন আৰু মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমো চি আৰ চিয়ে চলাই আহিছে ৷ অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে ৯৭০ গৰাকী দিব্যাংগক অনুষ্ঠানটোৱে ইতিমধ্যে প্ৰশিক্ষণো প্ৰদান কৰিছে ৷ এনে ইতিবাচক প্ৰচেষ্টাৰে দিব্যাংগসকলক সমাজৰ একোজন প্ৰকৃত নাগৰিক কৰি গঢ়ি তোলাৰ কাৰ্যক সকলোৱে একেমুখে শলাগিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com