Begin typing your search above and press return to search.
শিৱসাগৰ জিলা উপায়ুক্তই পৰিদৰ্শন কৰে বানপীড়িত অঞ্চল

যোৱা শুক্ৰবাৰে শিৱসাগৰ জিলা উপায়ুক্ত পিজি জাহে গৌৰীসাগৰৰ উন্নয়ন খণ্ডৰ বানপীড়িত অঞ্চল তথা গাঁও পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰ অভিযান চলায় পুনৰ সংস্থাপন কৰাৰ বিষয়ে মত প্ৰকাশ কৰে।শিৱসাগৰ জিলা উপায়ূক্তৰ নেতৃত্বত প্ৰশাসনিক বিষয়াই বানপীড়িত গাঁও ভাটীবন গাঁও,ৰূপহীমুখ,ৰুদ্ৰসাগৰ,ভাটীয়াপাৰা,জয়সাগৰ,কালুগাঁও,শলাগুৰি,সুন্দৰপুৰ,আৰু কোৱঁৰপুৰত খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় ঔষধপাতি সাহাৰ্য্য প্ৰদান কৰে।
এই বানপানীৰ সময়তে,চহৰ খনৰ কিছুমান সামাজিক দলে বানপিড়ীত সকলক সাহাৰ্য্য প্ৰদান কৰে।সামাজিক দল সমূহ যেনে; ৰটাৰী ক্লাৱ,লায়ঞ্চ ক্লাৱ,গুৰুদ্বাৰ ব্যৱস্থাপনা কমিটী,দলমুখ চাৰিআলি সদৰ মজ্জিদ কমিটী আৰু শিৱসাগৰ ব্যৱসায়ী সংস্থা। আনহাতে,দিখৌ নৈ,দিচাং,দৰিকা,নামদাং,জাঁজী আৰু দিৰৈ নদীৰ পানীৰ বিপদসংকুল সীমাৰেখাৰ ওপৰেদি বৈ যোৱা বুলি জানিব পৰা গৈছে।
Next Story