ভাৰতীয় ক্ৰিকেট জগতৰ এজন তাৰকা, যাৰ সন্মোহনীয় বেটিঙে মোহিত কৰি আহিছে সমগ্ৰ ক্ৰিকেট বিশ্বক। কিন্তু বিশ্ব ক্ৰিকেটে আৰু দেখা নাপায় আক্ৰমনাত্মক বাঁওহতীয়া বেটচমেন জনৰ বেটৰ যাদু।নামেই চিনাকি যাৰ গৌতম গম্ভীৰ।ভাৰতীয় ক্ৰিকেট জগতৰ তাৰকা বেটচমেন গৌতম গম্ভীৰে মঙলবাৰে টুইটাৰত এক ভিডিঅ আপলোড কৰি সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে। ২০১৬ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আতৰি থকা গৌতম গম্ভীৰে আৱেগিক ভাৱে নিজৰ অৱসৰৰ কথা সদৰি কৰে।" আগন্তুক ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত অন্ধ্ৰৰ বিৰুদ্ধে অনুষ্ঠিত হবলগীয়া খেল খনেই মোৰ ক্ৰিকেট জীৱনৰ শেষ খেল"।"এজন বেটচমেন হিচাবে মই সদায় সময়ক গুৰুত্ব দিওঁ। মই জানো এইয়াই উচিত সময় আৰু এই সময়েই সুন্দৰ আৰু সুস্থ ক্ৰিকেট জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ বাবে"।
৩৭ বছৰীয়া দিল্লীৰ বেটচমেন গৌতম গম্ভীৰে ২০০৪ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্ট অভিষেক ঘটাইছিল। টেষ্টত ৯ টা শতক সহ ৪১৫৪ ৰান সংগ্ৰহ কৰা আক্ৰমণাত্মক বাওঁহতীয়া অপেনাৰ গৰাকীয়ে ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ খিতাপ জয়ত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তাৰকা গৰাকীয়ে এদিনীয়া ক্ৰিকেটতো ১১ টা শতক সহ ৫২৩৮ ৰাণ সংগ্ৰহ কৰিছিল।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতো কলকতা নাইট ৰাইডাৰ্চৰ খিতাপ জয়ত অধিনায়ক হিচাপে গুৰুত্বপূৰ্ণ অবদান আছিল গৌতম গম্ভীৰৰ।
তাৰকা ক্ৰিকেটাৰ গৰাকীৰ মহানুভৱতা সচাকৈ অনুপম কিয়নো গৌতম গম্ভীৰে এনে এজন ক্ৰিকেটাৰ যিজনে মৃত্যুৰ পিছত নিজৰ সমস্ত দেহ চিকিৎসা বিজ্ঞানৰ বাবে দান কৰিছে।
অধিক খবৰৰ বাবে পঢ়ক: খেলৰ বাতৰি