Begin typing your search above and press return to search.

সামৰণি পৰিল উত্তৰ পূৱ গ্ৰন্থমেলা

সামৰণি পৰিল উত্তৰ পূৱ গ্ৰন্থমেলা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Nov 2018 1:06 PM GMT

চান্দমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত বিংশতম উত্তৰ পূৱ গ্ৰন্থমেলাৰ সফল সামৰণি পৰে।চলিত বৰ্ষৰ

গ্ৰন্থমেলাখনত অভিলেখ সংখ্যক চাৰি কৌটি টকাৰ গ্ৰন্থ বিক্ৰী হয়।সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা পৰিষদৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে চেণ্টিনেলক কোৱা অনুসৰি এইবাৰ গ্ৰন্থমেলাত ৮৫ খন গ্ৰন্থ প্ৰকাশ পায়, এই গ্ৰন্থসমূহৰ ভিতৰত বেছিভাগে কাব্য গ্ৰন্থ।

যোৱা বছৰৰ গ্ৰন্থমেলাত সৰ্বমুঠ ২.৫ কৌটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছিল আৰু চলিত বছৰত সেই সীমা অতিক্ৰম কৰি অভিলেখ মুল্যৰ গ্ৰন্থ বিক্ৰী হোৱাটোৱে ৰাজ্যত গ্ৰন্থপ্ৰেমীৰ সংখ্যা বৃদ্ধি হোৱা প্ৰতিফলিত কৰে।চলিত বছৰৰ গ্ৰন্থমেলাত অসমৰ ভালে কেইজন যুৱ কবিৰ কাব্যপুথি প্ৰকাশ হয়। উদ্যোক্তা সমিতিয়ে গ্ৰন্থমেলাত প্ৰতি সন্ধিয়া বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰো আয়োজন কৰে। এইবাৰ পৰাগ কুমাৰ দাসৰ কিতাপ সমূহ আৰু ৰঞ্জু হাজৰিকাৰ জুলু নামৰ কিতাপখনে গ্ৰাহকৰ যথেষ্ট সমাদৰ লাভ কৰে।

অধিক খবৰৰ বাবে পঢ়ক:

Next Story
চাকৰি