ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ
Published on

অসমৰ বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে। ৰাতিপুৱা ৮ বজাৰ পৰা ৰাজ্যৰ বিভিন্ন জিলা আৰু মহকুমা সদৰৰ ৪০ টা কেন্দ্ৰত ভোট গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।এই বাৰ পঞ্চায়নত নিৰ্বাচনৰ মূল যুজখন শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ মাজতে হব বুলি আশা কৰা হৈছে যদিও অসম গণ পৰিষদ আৰু এ আই ইউ ডি এফেও যথেষ্ট প্ৰত্যাহবান আগবঢ়াবলৈ সক্ষম হব।

অসমত ৫ ডিচেম্বৰত ১৬ খন জিলাত আৰু ৯ ডিচেম্বৰত ১০ খন জিলাত দুটা পৰ্য্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। মুঠ ৪২০ খন জিলা পৰিষদ সদস্য, ২১৯৯ খন আঞ্চলিক পঞ্চায়ত সদস্য, ২১৯৯ খন গাঁও পঞ্চায়তৰ সদস্য, ২১৯৯ খন গাঁও পঞ্চায়তৰ সভাপতি আৰু ২১৯৯০ খন গাঁও পঞ্চায়ত সদস্যৰ আসনৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। বেলত পেপাৰত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা সম্পূৰ্ণ হোৱালৈ ১৬-১৭ ঘন্টা সময়ৰ প্ৰয়োজন হব বুলি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰিছে। ভোট গণনাৰ বিভিন্ন পৰ্য্যায়ত প্ৰায় ২০০০০ কৰ্মচাৰী নিয়োজিত হৈ আছে। এতিয়ালৈ হোৱা সামগ্ৰিক ভোট গণনাত বিজেপিয়ে জিলা পৰিষদ, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত সদস্য সকলোতে বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে। কংগ্ৰেছে আশা কৰা ধৰণে প্ৰত্যাহবান আগবঢ়োৱাত ব্যাৰ্থ হৈছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com