ৰাফেল যুদ্ধ বিমান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ৰাফেল যুদ্ধ বিমান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
Published on

ভাৰতীয় ৰাজনীতিত দীৰ্ঘদিন ধৰি বিতৰ্কৰ সৃষ্টি কৰি অহা ৰাফেল যুদ্ধ বিমান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিলে। শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে ভাৰত আৰু ফ্ৰান্স চৰকাৰ চুক্তি মৰ্মে ডেচল্টৰ পাৰ ক্ৰয় কৰিব বিছৰা ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ প্ৰক্ৰিয়াত কোনোধৰণৰ অনিয়ম হোৱা নাই বুলি ৰায় প্ৰদান কৰে।

উচ্চতম ন্যায়ালয়ে ৰাফেল যুদ্ধ বিমান সম্পৰ্কে কোনো ধৰণৰ বিচাৰ নহব বুলিও কয়। ভাৰতক যুদ্ধ বিমানৰ প্ৰয়োজন আছে আৰু ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব লগা যুদ্ধ বিমান চুক্তিত কোনো ধৰণৰ বিসংগতি ন্যায়ালয়ৰ দৃষ্টিগোচৰ হোৱা নাই বুলি মত প্ৰকাশ কৰি সৰ্ব্বোচ্চ ন্যায়ালয়ে আজি ভাৰত চৰকাৰক ৰাফেল সম্পৰ্কীয় গোচৰত শ্বেতপত্ৰ প্ৰদান কৰে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জয় কৌল আৰু কে এম জোচেফেৰে গঠিত বিচাৰ পীঠে আজি এই ন্যায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত বিজেপি নেতৃত্বাধীন মোডী চৰকাৰে স্বস্তিৰ নিঃস্বাস এৰিছে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে কংগ্ৰেছৰ বিপক্ষে সৰব হৈ পৰিছে বিজেপি। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ৰাফেল বিমান প্ৰসংগলৈ মুকলি তৰ্কত অংশ গ্ৰহণৰ বাবে প্ৰত্যাহবান জনাইছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com