জম্মু-কাশ্মীৰৰ বিৰুদ্ধে যুঁজ দিও পৰাস্ত অসম

জম্মু-কাশ্মীৰৰ বিৰুদ্ধে যুঁজ দিও পৰাস্ত অসম

ৰঞ্জী ট্ৰফীৰ এলীট গ্ৰুপ-চিৰ এখন খেলত জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে যুঁজ দিও পৰাস্ত হব লগা হল ঘৰুৱা দল অসম। তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত অসমক জম্মু আৰু কাশ্মীৰে ৪ উইকেটত পৰাস্ত কৰে। টছত জয়ী হৈ জম্মু আৰু কাশ্মীৰৰ অধিনায়কে প্ৰথমে বলিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। অসমে প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১২৮ ৰাণহে সংগ্ৰহ কৰে। অসমৰ হৈ প্ৰথম ইনিংছত কেবল মাত্ৰ বলাৰ মৃণ্মই দত্তই সৰ্বাধিক ৩৫ ৰাণ সংগ্ৰহ কৰে।জম্মু আৰু কাশ্মীৰৰ হৈ প্ৰথম ইনিংছত ইৰফান পাঠান, ৰচিখ চালামে দুটাকৈ উইকেট দখল কৰে আৰু ৰোহিত শৰ্মা আৰু ওমৰ নাজিৰ মিৰে তিনিটাকৈ উইকেট দখল কৰে।

অসমৰ প্ৰথম ইনিংছৰ প্ৰত্যুত্তৰত জম্মু আৰু কাশ্মীৰেও প্ৰথম ইনিংছ মাত্ৰ ১৪৪ ৰাণতে সামৰণি মাৰে। জম্মু আৰু কাশ্মীৰে প্ৰথম ইনিংছত গুৰুত্বপূৰ্ণ ১৬ ৰাণৰ অগ্ৰগতি লাভ কৰে আৰু দলৰ বিজয়ৰ ক্ষেত্ৰত এই অগ্ৰগতিয়েও অবদান আগবঢ়াই।জম্মু আৰু কাশ্মীৰৰ হৈ প্ৰথম ইনিংছত অপেনাৰ কামৰাণ ইকবালে সৰ্বাধিক ৬৪ ৰাণৰ বৰঙণি যোগাই। অসমৰ হৈ প্ৰথম ইনিংছত মুখতাৰ হুছেইনে দুৰ্দান্ত বলিঙেৰে পাঁচটা উইকেট দখল কৰে। অৰুপ দাসে দখল কৰে তিনিটা উইকেট। অসমে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি অপেনাৰ বেটছমেন ঋষভ দাসৰ গুৰুত্বপূৰ্ণ ৯৫ ৰাণৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৪৫ ৰাণ। ঋষভ দাসে মাত্ৰ ৫ ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হব লগা হয়।ঋষভ দাসৰ দৰ্শনীয় বেটিঙৰ বিপৰীতে আনজন অপেনাৰ বিপ্লৱ শইকীয়াই মাত্ৰ ৭ ৰাণ কৰি পেভিলিয়ন মুখি হয়। ঋষভ দাসৰ উপৰিও স্বৰুপম পুৰুকায়স্থই ৪৬, অমিত সিনহাই ৩৩ ৰাণ আৰু পল্লৱ কুমাৰ দাসে ৩২ ৰাণৰ বৰঙণি যোগায়। অসমৰ আন সকল বেটছমেন দুটা অংকৰ ঘৰ স্পৰ্শ কৰাত ব্যৰ্থ হয়।জম্মু আৰু কাশ্মীৰৰ হৈ বলিঙত ইৰফান পাঠানে আৰু পাৰভেজ ৰাছুলে তিনিটাকৈ উইকেট দখল কৰে আৰু ৰাচিখ চালামে দুটা উইকেট দখল কৰে।

জম্মু আৰু কাশ্মীৰে ২২৯ ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ আৰম্ভ কৰি খেলৰ চুতৰ্থ তথা অন্তিম দিনটোত ছটা উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰাণ খিনি সংগ্ৰহ কৰি লয়। বিজয় লক্ষ্য অনুসৰণ কৰি জম্মু আৰু কাশ্মীৰৰ অধিনায়ক পাৰঙেজ ৰাছুল আৰু চুভম খাজুৰিয়াই দায়িত্বশীলতাৰে খেলি ব্যক্তিগত ভাবে ৬৭ ৰাণকৈ বৰঙণি যোগাই খেলখন অসমৰ হাতৰ পৰা কাঢ়ি লৈ যায়। জম্মু আৰু কাশ্মীৰে ইনিংছৰ আৰম্ভণিতে ২১ ৰাণতে দুটাকৈ উইকেট হেৰুৱাই বিপদত পৰিছিল।অসমৰ অৰুপ দাসে তিনিটা , মৃণ্মই দত্তই দুটা আৰু অমিত সিনহাই এটা উইকেট দখল কৰে। চলিত ৰঞ্জী বৰ্ষত অসমে এইবাৰ জয় পৰাজয়ৰে মিশ্ৰিত ফলাফল লাভ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com