জিন্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতাত পৰাস্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়

জিন্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতাত পৰাস্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড়ত ১৬ ডিচেম্বৰৰ পৰা আৰাম্ভ হৈছে পঞ্চদশ কেপ্তেন জন্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতা। ২০১৮-২০১৯ বৰ্ষৰ এই ঐতিহ্যমণ্ডিত ফুটবল প্ৰতিযোগিতা খনত ভালেকেইটা ফুটবল দলে অংশগ্ৰহণ কৰিছে। পঞ্চদশ কেপ্তেইন জিন্টু গগৈ ফুটবল প্ৰতিযোগিতা খন ডিচেম্বৰৰ ১৬ তাৰিখৰ পৰা আৰাম্ভ হৈ ২৮ তাৰিখে সামৰণি পৰিব। ডিব্ৰুগড়ৰ ভিক্টৰী পলো খেলপথাৰত প্ৰতিযোগিতাখনৰ খেল সমূহ অনুষ্ঠিত হৈ আছে। ২১ ডিচেম্বৰ শুক্ৰবাৰে প্ৰথম খন খেল অনুষ্ঠিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বিএফচিচি ৰ মাজত। ভাৰতীয় সময় অনুসৰি খেলখন অনুষ্ঠিত হয় ৰাতিপুৱা ১০:৩০ বজাত। তীব্ৰ উত্তেজনাপূৰ্ণ পুল এৰ শেষৰ খন লীগৰ খেলত বিএফচিচিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় ফুটবল দলক ৭:৩ গ'লৰ ব্যাবধানত পৰাস্ত কৰে। বিএফচিচি দলৰহৈ দুলু গগৈয়ে ২ টা আৰু বিনোড গগৈয়ে ০৫ টা গ'ল স্কোৰ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ তিনিটা গ'ল পৰিষোধ কৰে ক্ৰমে প্ৰাঞ্জল পাইটে এটা আৰু মন্টু বড়োই দুটা। ৰোমাঞ্চকৰ খেল খনত বিএফচিচি দলৰ হৈ হেট্ৰিক অৰ্জন কৰা তাৰকা খেলুৱৈ বিনোদ গগৈৰ চমকপ্ৰদ খেলৰ আগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলুৱৈ সকলে কোনো ধৰণৰ প্ৰত্যাহবান আগবঢ়াব নোৱাৰিলে।

বিনোদ গগৈয়ে অতি উচ্চ খাপৰ খেল প্ৰদৰ্শন কৰি ৫ টা গ'ল কৰে। বিনোদ গগৈয়ে অদ্ভুট কাৰিকৰী কৌশল প্ৰদৰ্শন কৰি বিপক্ষৰ দলৰ খেলুৱৈ সকলক নিজৰ খেলৰ কলা-কৌশলৰে একপ্ৰকাৰ ধৰাসয়ী কৰি দলক বিজয়ী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিনোদৰ খেলত আজি ডিব্ৰুগড়ৰ ফুটবল প্ৰেমীয়ে ভাৰতীয় পেলেক হৃদয়ংগম কৰাৰ সুযোগ লাভ কৰিলে। পেনাল্টি বক্সৰ ভিতৰত বিনোদে বাওঁ ভৰিৰে নিয়ন্ত্ৰণ কৰা ব'লক মুৰেৰে আৰু অধিক সুস্থিৰতা প্ৰদান কৰি, সোঁভৰিৰে লোৱা কোবাল শ্বটটোৱে বিপক্ষৰ গ'ল কীপাৰক পৰাস্ত কৰি নেটত আশ্ৰয় লোৱাৰ লগে লগে উল্লাসত ফাটি পৰে ভিক্টৰী পলো খেল পথাৰ আৰু সমস্বৰে ফুটি উঠে অৱানচ মোৰ অৱানচ মোৰ। প্ৰতিযোগিতাৰ আন এখন খেলত পুল বিৰ কোৱাৰ্টাৰ ফাইনেলত ডমডমা মহাবিদ্যালয় মুখামুখি হয় এন এল বি চিটি কলেজৰ বিপক্ষে। তীব্ৰ সংঘৰ্ষপূৰ্ণ খেল খনত নএলবি মহাবিদ্যালয়ে ডমডমা মহাবিদ্যালয়ক ২:১ গ'লৰ ব্যাবধানত পৰাস্ত কৰে। এনএলবি চিটি মহাবিদ্যালয়ৰ হৈ খনিন গোহায়ে ২ টা গ'ল স্কোৰ কৰি দলৰ বিজয়ত মুখ্য ভূমিকা পালন কৰে। ডমডমা মহাবিদ্যালয়ৰ হৈ একমাত্ৰ গ'লটো পৰিষোধ কৰে ৰামানন্দ দাসে।

অহাকালি অনুস্থিত হব লগা প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত এইচচিডিচি, বিএফচিচিৰ মুখামুখি হব। প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা কেপ্তেন জিন্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতা খনে স্থানীয় বহু ফুটবল প্ৰতিভা বিছাৰি উলিয়াবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতা খনৰ যোগেৰে ফুটবলৰ ক্ষেত্ৰত আগ্ৰহী প্ৰতিভাবান খেলুৱৈ সকলে নিজৰ ফুটবল প্ৰতিভা বিকাশৰ সুবিধা পাই আৰু এনেদৰে আগবাঢ়ি গৈ এদিন ৰাজ্যৰ ফুটবল জগততো ভূমুকি মৰাৰ সুযোগ পাই। খেল চাবলৈ অহা এজন আগ্ৰহী ফুটবল প্ৰেমীয়ে এ্নেদৰে মন্তব্য আগবঢ়াই। ভাৰতীয় দলে ভবিষ্যতে ফুটবল বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ হলে এনেদৰেই প্ৰাথমিক পৰ্য্যায়ৰ পৰা ফুটবলত গুৰুত্ব দিব লাগিব, আন এজন ফুটবল প্ৰেমীয়ে এনেদৰে মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com