দিল্লীত বিজেপিৰে মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা অসম গণ পৰিষদৰ

দিল্লীত বিজেপিৰে মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা অসম গণ পৰিষদৰ

অৱশেষত অসম গণ পৰিষদে বিজেপিৰে থকা মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰিলে। দিল্লীত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰাৰ কথা উল্লেখ কৰিছে। অসমলৈ উভতি আনুষ্ঠানিক ভাবে এই ঘোষণা কৰাৰ পিছত তিনিজনকৈ অগপৰ মন্ত্ৰীয়ে অসম চৰকাৰৰ পৰা পদত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অগপৰ সভাপতি অতুল বৰাই দিল্লীত সাংবাদিকৰ আগত কয় "আজি আমি অন্তিম বাৰৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰাৰ বাবে অনুৰোধ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিছিলো কিন্তু ৰাজনাথ সিঙে আমাৰ অনুৰোধক উপেক্ষা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হবই বুলি মন্তব্য কৰে।"

অতুল বৰাই গৃহ মন্ত্ৰীৰ সিদ্ধান্তৰ পিছতে বিজেপিৰ লগত থকাৰ কোনো ধৰণৰ যুক্তি বিছাৰি পোৱা নাই বুলি উল্লেখ কৰি অসম গণ পৰিষদে বিজেপিৰ লগত থকা মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে। অসম গণ পৰিষদে ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলক সাক্ষাৎ কৰি বিধেয়ক খনৰ বিৰোধিতা কৰা বুলি উল্লেখ কৰে আৰু বহু দলে বিধেয়ক খনৰ বিৰোধিতা সদনৰ মজিয়াত কৰিব বুলি কোৱা বুলি উল্লেখ কৰে। অসম গণ পৰিষদে সদায় অসমৰ জনসাধাৰণৰ আবেগক আগস্থান দি আহিছে বুলি উল্লেখ কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে অসম চুক্তিক অপমান কৰিব আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণক অৰ্থহীন কৰিব বুলিও অগপৰ সভাপতি অতুল বৰাই কয়। কাইলৈ অগপৰ অতুল বৰা, ফণীভূষণ চৌধুৰী আৰু কেশৱ মহন্তই পদত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com