দীপৰ বিললৈ বনভোজৰ বাবে যাব নেকি? সাবধান প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা

দীপৰ বিললৈ বনভোজৰ বাবে যাব নেকি? সাবধান প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা

শীতৰ আমেজৰ সমান্তৰাল ভাবে এতিয়া চাৰিওফালে বনভোজৰ আনন্দ। ৰাজ্যৰ সকলো বন ভোজৰ ঠাইবোৰতে এতিয়া লোকে লোকাৰণ্য পৰিবেশ। শীতৰ আগমনৰ লগে লগে বিভিন্ন স্থানৰ বনভোজ স্থলী সমূহত ভিৰ কৰিছেহি বিভিন্ন প্ৰান্তৰ লোকসকল। এতিয়া বিদ্যালয়-মহাবিদ্যালয় সমূহত শীতৰ বন্ধ চলি আছে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে উৎসাহৰ অন্ত নাই। কিন্তু এই বাৰ গুৱাহাটী মহানগৰ প্ৰশাসনৰ শেন চকু পৰিল মহানগৰীৰ বনভোজ স্থলীৰ ওপৰত। প্ৰশাসনৰ তৰফৰ পৰা বনভোজকাৰী দল সমূহৰ প্ৰতি জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা।

এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ সমীপবৰ্তী দীপৰ বিলত বনভোজ খাবলৈ যোৱা সকল সাবধান। দিনৰ ভাগতে সমাপ্ত কৰিব লাগিব বনভোজৰ সমস্ত কাম-কাজ। দীপৰ বিলৰ ওচৰে পাজৰে এতিয়াৰে পৰা কোনো ধৰণৰ উচ্চ প্ৰাবল্যৰ শব্দ যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। উল্লেখ্য যে দীপৰ বিলৰ আশেপাশে বনভোজৰ বাবে প্ৰতিদিনে যথেষ্ট লোকৰ সমাগম হয়। শীতৰ সময়ত দীপৰ বিলত বিভিন্ন স্থানৰ পৰা পৰিভ্ৰমী চৰাই আহিবলৈ আৰম্ভ কৰে কিন্তু বনভোজ স্থলীত ব্যৱহাৰ কৰা উচ্চ প্ৰাবল্যৰ শব্দৰ বাবে বৰ্তমান পৰিভ্ৰমী চৰাই অহাৰ সংখ্যা যথেষ্ট হাড়ত কমি আহিছে।অসম চৰকাৰৰ বন বিভাগে সংৰক্ষিত পক্ষী উদ্যান ঘোষণা কৰা দীপৰ বিলত ১২০ টা বিভিন্ন প্ৰজাতিৰ পক্ষী পোৱা যায়, ইয়াৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ হাঁহ আৰু মাছৰোকাই প্ৰধান।

মহানগৰীৰ গাতে লাগি থকা দীপৰবিলৰ ওচৰৰ বনভোজ স্থলী সমূহত প্ৰত্যেক বছৰৰ নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্য্যন্ত বনভোজ খোৱাৰ বাবে যথেষ্ট লোকৰ সমাগম হয়। বনভোজত খাই আনন্দ কৰাৰ পিছত বনভোজকাৰী দল সমূহে পৰিবেশ পৰিস্কাৰ কৰি ৰাখেনে? এয়া কেতিয়াও নহয়। দীপৰ বিলৰ নান্দনিক পৰিবেশ আৰু সৌন্দৰ্য্যতা অটুত ৰখাৰ বাবে গুৱাহাটী মহানগৰ প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। দীপৰ বিলত উচ্চ শব্দ প্ৰয়োগ কঠোৰ ভাবে বন্ধ কৰিছে মহানগৰ প্ৰশাসনে। বনভোজৰ বতৰ শেষ নহোৱা পৰ্য্যন্ত এই নিৰ্দেশনা কাৰ্য্যকৰী হৈ থাকিব বুলি জনাইছে মহানগৰ প্ৰশাসনে।

গুৱাহাটী মহানগৰীৰ দীপৰ বিলৰ উপৰিও বৰ্তমান ইয়াৰ ওচৰতে থকা চান্দডুবিতো বনভোজৰ সময়ত যথেষ্ট লোকৰ সমাগম হৈ আহিছে। উকীয়াম, হাটিশিলা, বাগছা জিলাৰ বগামাটি, ভূটান চকী, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলঙৰ বিভিন্ন স্থানলৈ জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ বনভোজৰ বাবে বহু লোকৰ সমাগম হয়।ইয়াৰ উপৰিও ভৈৰৱকুণ্ড, তেজপুৰ আৰু উজনি অসমৰ ঢলা শদিয়া আদি বনভোজ স্থলীলৈ বহু লোকৰ সমাগম হৈ আহিছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com