প্ৰথম এদিনীয়াত অষ্ট্ৰেলিয়াৰ হাতত ৩৪ ৰাণত পৰাস্ত ভাৰত

প্ৰথম এদিনীয়াত অষ্ট্ৰেলিয়াৰ হাতত ৩৪ ৰাণত পৰাস্ত ভাৰত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ প্ৰথম খন খেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ হাতত ৩৪ ৰাণত পৰাস্ত হৈছে। ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বেটিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অষ্ট্ৰলেয়াই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৮৮ ৰাণ।অষ্ট্ৰেলিয়াৰ হৈ অপেনিং কৰিবলৈ আহে দুই অপেনিং বেটছমেন এলেক্স কেৰী আৰু এৰোণ ফিন্সে। দলীয় ৮ ৰাণতে ভাৰতৰ বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰে এৰোন ফিন্স(৬)ক বিদায় দি অষ্ট্ৰেলিয়াৰ শিৱিৰত প্ৰথমটো আঘাত হানে। আনজন অপেনাৰ এলেক্স কেৰীয়ে সংগ্ৰহ কৰে ২৪ ৰাণ। এৰোণ ফিন্সৰ বিদায়ৰ পিছত ক্ৰিজলৈ আহে ওচমান খৌজা আৰু শ্বন মাৰ্চ। দুয়োজন মধ্যমক্ৰমৰ বেটছমেনে ব্যক্তিগত ভাবে ৫৯ ৰাণ আৰু ৫৪ ৰাণ সংগ্ৰহ কৰি বিদায় লয়।দুয়োজন বেটছমেনৰ বিদায়ৰ সময়ত দলৰ ৰাণ হৈছিল চাৰি উইকেটৰ বিনিময়ত ১৮৬ ৰাণ।অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৭৩ ৰাণ সংগ্ৰহ কৰে পিটাৰ হেণ্ডছকমে। অলৰাউণ্ডাৰ মাৰ্কাছ ষ্টোনিছে ৪৭ ৰাণ আৰু গ্লেন মেক্সৱেলে ১১ ৰাণ কৰি অপৰাজিত হৈ ৰয়। ভাৰতৰ হৈ বলিঙত ভূৱনেশ্বৰ কুমাৰে ২ টা, কুলদীপ যাদৱে ২ টা আৰু ৰবীন্দ্ৰ জাদেজাই ১ টা উইকেট দখল কৰে।

অষ্ট্ৰেলিয়াৰ ২৮৮ ৰাণৰ প্ৰত্ত্যুতৰত ভাৰতে বেটিঙ কৰিবলৈ আহি মাত্ৰ ৪ ৰাণতে তিনিটা উইকেট হেৰুৱাই বিপদত পৰে। অপেনিং বেটছমেন শিখৰ ধাৱানে কোনো ৰাণ সংগ্ৰহ নকৰাকৈ বেৰেনডৰ্ফৰ বলত পেভিলিয়নলৈ উভতে, অধিনায়ক বিৰাট কোহলীয়ে মাত্ৰ তিনি ৰাণ সংগ্ৰহ কৰি ৰিচাৰ্ডচনৰ চিকাৰ হয়। অম্বাতি ৰায়ডুও কোনো ৰাণ সংগ্ৰহ নকৰাকৈ আউট হয়। দলৰ বিপদৰ সময়ত ৰোহিত শৰ্মাৰ লগ লাগে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী। মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মাই শতকীয় ৰাণৰ যুটি বান্ধি দলক জয়ৰ দিশলৈ আগবঢ়াই লৈ যাওঁতেই মহেন্দ্ৰ সিং ধোনী বেৰেনড্ৰফৰ ব'লত লেগ বিফোৰ হৈ পেভিলিয়ন মুখি হয়।আউট হোৱাৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে ৫১ ৰাণ সংগ্ৰহ কৰে। ধোনীৰ বিদায়ৰ পিছত কোনো এজন ভাৰতীয় বেটছমেনে অষ্ট্ৰেলিয়াৰ বলিঙ আক্ৰমণৰ বিৰুদ্ধে সাৱলীল ভাবে খেলিব নোৱাৰিলে। দিনেশ কাৰ্তিকে সংগ্ৰহ কৰে ১২ ৰাণ আৰু ৰবীন্দ্ৰ জাডেজাই সংগ্ৰহ কৰে ৮ ৰাণ। কোনো এজন বেটছমেনৰ পৰা সহযোগিতা লাভ নকৰা ৰোহিত শৰ্মাই উইকেটৰ এটা মুৰত দৰ্শনীয় ভাবে খেলি শতৰাণ সংগ্ৰহ কৰে। ৰোহিত শৰ্মাই ১৩৩ ৰাণ সংগ্ৰহ কৰি ষ্টোনিছৰ বলত আউট হয়।

নিম্ন ক্ৰমত ভূৱনেশ্বৰ কুমাৰে আক্ৰমণাত্মক ভাবে খেলি মাত্ৰ ২৩ টা বলত ২৯ ৰাণ সংগ্ৰহ কৰিলেও দলক বিজয় লক্ষ্যত উপনীত কৰিব নোৱাৰিলে।ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই ২৫৪ ৰাণহে সংগ্ৰহ কৰি ৩৪ ৰাণত পৰাজয় বৰণ কৰে। অষ্ট্ৰেলিয়াৰ হৈ বলিঙত জেই ৰিচাৰ্ডচনে ১০ অভাৰত মাত্ৰ ২৬ ৰাণ ব্যয় কৰি ৪ টা উইকেট দখল কৰে, বেৰেনড্ৰফে ২ টা আৰু নাথান লিয়ণে ১ টা উইকেট দখল কৰে। ভাৰতে আজি তিনিজন বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰ, মহম্মদ শ্বামী, খলিল আহমেড আৰু দুজন স্পীনাৰ কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজাৰে গঠিত বলিঙ আক্ৰমণেৰে খেল পথাৰত নামে। এই বিজয়েৰে অষ্ট্ৰেলিয়াই তিনিখন খেলৰ এদিনীয়া শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী:

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com