শচীনৰ দ্ৰোণাচাৰ্য্য ৰামাকান্ত আচৰেকাৰৰ দেহাৱসান

শচীনৰ দ্ৰোণাচাৰ্য্য ৰামাকান্ত আচৰেকাৰৰ দেহাৱসান

ভাৰতৰ তাৰকা ক্ৰিকেটাৰ মাষ্টাৰ ব্লাষ্টাৰ বেটছমেন শচীন ৰমেশ তেণ্ডুলকাৰৰ লৰালি কালৰ ক্ৰিকেটৰ প্ৰশিক্ষক ৰামাকান্ত আচৰেকাৰৰ বুধবাৰে মুম্বাইৰ দাদৰৰ শিৱাজী পাৰ্কত থকা নিজ বাসভৱনত দেহাৱসান ঘটে। কেইবছৰমান ধৰি অসুস্থ হৈ থকা ক্ৰিকেট প্ৰশিক্ষক গৰাকীয়ে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ৰামাকান্ত আচৰেকাৰৰ প্ৰশিক্ষণতে শচীন তেণ্ডুলকাৰে প্ৰথম ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰিছিল। শিৱাজী পাৰ্কত তেণ্ডুলকাৰে ৰামাকান্ত আচৰেকাৰৰ পৰা বেটিঙৰ বিভিন্ন টিপছ লাভ কৰিছিল। শচীনৰ প্ৰতিভা দেখি শচীনে যাতে প্ৰতিদিনে যথেষ্ট ক্ৰিকেট খেলত অংশ গ্ৰহণ কৰিব পাৰে তাৰবাবে আচৰেকাৰে নিজেই স্কুটাৰত উঠাই শচীনত বিভিন্ন খেলপথাৰলৈ লৈ গৈছিল। ভাৰতৰ তাৰকা বেটছমেন গৰাকীয়েও প্ৰায়ে শৈশৱৰ গুৰুৰ ওচৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰিছিল।

শচীনৰ উপৰিও বিনোদ কাম্বলী, প্ৰবীণ আমৰেৰ দৰে খেলুৱৈৱে আচৰেকাৰৰ প্ৰশিক্ষণতে ভাৰতীয় দলত খেলিপ পৰাকৈ প্ৰস্তুত হৈ উঠিছিল। ৰামাকান্ত আচৰেকাৰৰ দেহাৱসানত বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা বেটছমেন ভিভিএচ লক্ষ্মণে টুইটাৰ যোগে শোক প্ৰকাশ কৰি কয় যে ৰামাকান্ত ছাৰে ভাৰতীয় ক্ৰিকেটক এক হীৰাৰ উপহাৰ দি থৈ গৈছিল। আনহাতে আচৰেকাৰৰ প্ৰিয় শিষ্য শচীন তেণ্ডুলকাৰ গুৰুৰ বিয়োগত শোকাভূত হৈ পৰিছে। নিজৰ শোক প্ৰকাশ বাৰ্তাত শচীনে কয় যে আচৰেকাৰ ছাৰ আপুনি এতিয়াৰে পৰা স্বৰ্গত ক্ৰিকেটক উজলাই ৰাখিব। আপোনাৰ সহায় অবিহনে মই কেতিয়াও সফল খেলুৱৈ হব নোৱাৰিলো হেতেন, ভাৰতীয় ক্ৰিকেটে আপোনাৰ অৱদানক সদায় মনত ৰাখিব।আজি অনুষ্ঠিত হোৱা অন্তোস্তিক্ৰিয়াত শচীন তেণ্ডুলকাৰ সোশৰীৰে উপস্থিত থাকি গুৰুলৈ অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ তৰফৰ পৰাও আচৰেকাৰৰ বিয়োগত শোক প্ৰকাশ কৰা হয়। ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনী, ক্ৰিকেটাৰ মহম্মদ কাইফ, যুৱৰাজ সিঙ, অনিল কুম্বলে, ৰাহুল দ্ৰাবিদ, সুনীল গাভাস্কাৰেও আচৰেকাৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ১৯৩২ চনত মালভানত ৰামাকান্ত আচৰেকাৰে জন্মগ্ৰহণ কৰিছিল। দ্ৰোণাচাৰ্য্য আৰু পদ্মশ্ৰী সন্মানেৰে সন্মনিত কৰা হৈছিল ৰামাকান্ত আচৰেকাৰক।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com