ৱাটছএপত ক’ৰ’না ভাইৰাছৰ ভুৱা খবৰ বিয়পাই মিজোৰামত গ্ৰেপ্তাৰ ১১

ৱাটছএপত ক’ৰ’না ভাইৰাছৰ ভুৱা খবৰ বিয়পাই মিজোৰামত গ্ৰেপ্তাৰ ১১

ৱাটছএপত ক’ৰ’না ভাইৰাছৰ ভুৱা খবৰ বিয়পাই মিজোৰামত গ্ৰেপ্তাৰ ১১

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ সম্পৰ্কে ভুবা খবৰ বিয়পোৱাৰ অভিযোগত মিজোৰামত গ্ৰেপ্পাৰ হৈছে ১১জনকৈ লোক ৷ অভিযোগ অনুসৰি এই লোক কেইজনে ৱাটছএপৰ জড়িয়তে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব সম্পৰ্কত ভুৱা খবৰ বিয়পায় ৷ এই ভুৱা খবৰে ৰাজ্যখনৰ বহু লোকৰ মনত অযথা আতংকৰ সৃষ্টি কৰে ৷ অৱশেষত এই দৃষ্টিগোচৰ হোৱাত আৰক্ষীয়ে অভিযুক্তকেইজনৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰে ৷ আটাইকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৫০৫(১)(ক) ধাৰাত গোচৰ ৰুজু হৈছে। মানুহৰ মাজত আতংক সৃষ্টি কৰা লোকৰ বিৰুদ্ধে এই ধাৰাত গোচৰ ৰুজু কৰা হয়। অৱশ্যে গ্ৰেপ্তাৰৰ কিছু সময়ৰ পাছতে আটাইকেইজন অভিযুক্তক জামিনত যাবলৈ দিয়ে আৰক্ষীয়ে। এই লোককেইজনে ৱাটছএপত বিয়পোৱা ভুৱা খবৰটো আছিল ছিংগাপুৰ ভ্ৰমণ কৰি এগৰাকী মহিলা মিজোৰামত উপস্থিত হৈছে। মহিলাগৰাকীয়ে চিকিত্সালয়ত চিকিত্সা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত তেওঁৰ গৃহত আছুতীয়াকৈ ৰাখি চিকিত্সাৰ ব্যৱস্থা কৰা হৈছে।

কিন্তু তদন্তত পোহৰলৈ আহে যে এই মহিলাগৰাকী ছিংগাপুৰৰ পৰা অহা পথত দুঠাইত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। প্ৰথমটো পৰীক্ষা কলকাতা বিমানকোঠত আৰু দ্বিতীয়টো পৰীক্ষা লেংগপুই বিমানকোঠত কৰা হয়। এই দুয়োটা পৰীক্ষাতে তেওঁ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো লক্ষণ ধৰা নপৰিল। সেয়েহে এই ১১জন লোকে ভুৱা খবৰ বিয়পোৱাটো প্ৰতীয়মান হয়। লগে লগে আৰক্ষীয়ে আটাইকেইজনক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে মিজোৰামত বৰ্তমানলৈ ১৪ হেজাৰৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে এজনৰ শৰীৰটো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। ইপিনে, সাৱধানতামূলক পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে ম্যানমাৰ আৰু বাংলাদেশ সীমান্ত ছীল কৰিছে। চুবুৰীয়া মণিপুৰেও এনেধৰণৰ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে ৰাজ্যখনে ম্যানমাৰ সীমান্ত ছীল কৰিছে। উল্লেখ্য যে ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৫২জনলৈ বৃদ্ধি পাইছে। প্ৰতিদিনে নতুন নতুন লোক এই জটিল ৰোগত আক্ৰান্ত হৈছে।

পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিশ্বৰ বহু কেইখন দেশৰ লোকক ভিছা প্ৰদান বন্ধ কৰিছে। ইপিনে, বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছক ৰাষ্ট্ৰসংঘই বহু দেশক সামৰা মহামাৰী বা পেণ্ডেমিক আখ্যা দিছে। অৱশ্যে বিশ্বজুৰি সৃষ্টি হোৱা এনে জটিল পৰিস্থিতিৰ মাজতে ইজৰাইল চৰকাৰে দাবী কৰিছে যে দেশখনৰ একাংশ চিকিত্সা বিজ্ঞানীয়ে কিছুদিনৰ ভিতৰতে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ সক্ষম হ’ব। দেশখনৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ অধীনৰ ‘মিগাল’ শীৰ্ষক গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনত ব্যস্ত হৈ আছে।

ভিডিঅ প্ৰতক্ষ্য কৰকঃ ‘Saragdeo Puja’ by Sonowal Kachari community observed in Moran

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com