Begin typing your search above and press return to search.

যন্ত্ৰাংশৰে চিত্ৰ অংকণ কৰি এছিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ অসমৰ ৰাহুল পাৰিকৰ

যন্ত্ৰাংশৰে চিত্ৰ অংকণ কৰি এছিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ অসমৰ ৰাহুল পাৰিকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2020 10:39 AM GMT

যন্ত্ৰাংশৰে চিত্ৰ অংকণ কৰি এছিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ অসমৰ ৰাহুল পাৰিকৰ

যুৱ প্ৰজন্মৰ আৰু এজনে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। যন্ত্ৰৰ অংশৰে চিত্ৰ অংকণ কৰি অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰা ৰাহুল পাৰিক নামৰ ছাত্ৰজনে এছিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে। এনেদৰে চিত্ৰ অংকণ কৰাৰ বাবে ছাত্ৰজনক এই সন্মান প্ৰদান কৰা হৈছে।এনেদৰে সন্মানিত হোৱাৰ বাবে এছিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষলৈ ধন্যবাদ জনাই ইনষ্টাগ্ৰামত ৰাহুলে অনুৰাগীসকলক সম্বোধি কয়, “ আপোনালোকৰ মৰম আৰু মোৰ ওপৰত ৰখা আস্থাই এয়া সম্ভৱ কৰি তুলিলে। আপোনালোকৰ আশীৰ্বাদত মই আন্তৰ্জাতিক স্তৰত স্বীকৃতি লাভ কৰিছো। মোৰ নাম এছিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ল। মোক অনুপ্ৰেৰণা যোগাই অহাসকললৈ এই সন্মান উত্সৰ্গা কৰিলো।” প্ৰতিভাৱান ৰাহুলে সম্প্ৰতি গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজত বি কম শিক্ষা গ্ৰহণ কৰি আছে। চিত্ৰকলাৰ বিভিন্ন শাখাত ৰাপ থকা ৰাহুলে যন্ত্ৰাংশৰে জাতিৰ পিতা মহাত্মা গান্ধী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ক্ৰিকেট তাৰকা বিৰাট কোহলী, জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ আদিৰো চিত্ৰ অংকণ কৰিছে।

https://www.instagram.com/p/B7AeBuyj-4F/?utm_source=ig_web_copy_link

অন্য খবৰৰ বাবে পঢ়কঃ বি টি চি নিৰ্বাচনৰ দিন ঘোষণা:চাৰি এপ্ৰিলত ভোট গ্ৰহণ, আঠ এপ্ৰিলত ভোটগণনা

ভিডিঅ প্ৰতক্ষ্য কৰকঃ ‘Saragdeo Puja’ by Sonowal Kachari community observed in Moran

Next Story
চাকৰি