১১ বছৰীয়া এগৰাকী প্ৰধান শিক্ষয়ত্ৰী: উপাৰ্জন কৰে ৫১ হাজাৰ টকা

১১ বছৰীয়া এগৰাকী প্ৰধান শিক্ষয়ত্ৰী: উপাৰ্জন কৰে ৫১ হাজাৰ টকা

প্ৰত্যেক জন পিতৃ মাতৃৰে এটা সপোন থাকে যাতে,তেওঁলোকৰ সন্তানে ডাঙৰ হৈ সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰে। কিন্তু আজি আমি আপোনালোকক জনাম ১১ বছৰীয়া এজনী কিশোৰৰ সম্পৰ্কে ৷হয়,মাত্ৰ ১১ বছৰ বয়সতে এখন বিদ্যালয়ৰ অধ্যক্ষৰ আসনত বহি পৰিয়ালৰ নাম জিলিকাইছে এইগৰাকী কিশোৰীয়ে ৷

১১ বছৰীয়া এই কিশোৰী গৰাকীৰ নাম হৈছে "খুশী" ৷ চতুৰ্থ শ্ৰেণীৰ খুশী সম্প্ৰতি নিজৰ বিদ্যালয়ৰে প্ৰধান শিক্ষয়ত্ৰী হ’ল৷ খুশীৰ প্ৰায় ৩ ফুট ওখ যদিও আত্মবিশ্বাস আৰু সাহস সচাকৈয়ে মন কৰিবলগীয়া। যাৰ কাৰণে খুশীয়ে নিজৰ বিদযালয়ৰ প্ৰধান শিক্ষয়ত্ৰী হ’বলৈ সুবিধা লাভ কৰিছে ৷ ইফালে আপোনালোক সকলোৰে মনত প্ৰশ্নৰ উদয় হ’ব পাৰে যে চতুৰ্থ শ্ৰেণীত পঢ়া এগৰাকী কিশোৰী কেনেকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী হ’ব পাৰে?

দৰাচলতে এই ঘটনাটো হৈছে ফিৰোজপুৰৰ গাৰ্লছ চিনিয়ৰ ছেকেণ্ডড্ৰী বিদযালয়ৰ ৷ ইতিমধ্যে খুশীয়ে পঢ়া বিদ্যালয়খনত স্মাৰ্ট ক্লাচ ৰূম আৰু লেবৰ সুবিধা দিছে। ফিৰোজপুৰৰ বিধায়ক পৰমিন্দৰ সিং পিংকী আহিছিল খুশী অধ্যয়নৰত বিদ্যালয়খনলৈ ৷ এই সময়ত বিধায়ক গৰাকীৰ মত বিনিময় কৰে খুশীৰ লগত ৷আমাক সকলোকে যেনেদৰে সকলোৱে প্ৰশ্ন কৰে যে তুমি ডাঙৰ হ’লে কি হ’বা ?

ঠিক তেনেদৰে খুশীকো বিধায়ক গৰাকীয়ে প্ৰশ্ন কৰে তুমি ডাঙৰ হ’লে কি হ’বা ৷ তেতিয়াই খুশীয়ে কয় যে মই বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী হ’ব বিছাৰো ৷ইয়াৰ পিছত বিধায়ক গৰাকীয়ে জানিবলৈ পায় খুশী ঘৰৰ অৱস্থা ভাল নহয় ৷লগতে খুশীৰ পিতৃৰ ইতিমধ্যে মৃত্যু হৈছে ৷ গতিকে খুশীৰ সপোনক বাস্তৱত ৰুপায়িত কৰিবৰ কাৰণে পদক্ষেপ লয় বিধায়ক পৰমিন্দৰ সিং পিংকীয়ে ৷ বিধায়ক পৰমিন্দৰ সিঙৰ কাৰণেই এদিনৰ কাৰণে বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী হয় খুশী ৷

আনহাতে খুশী পঢ়াত বহুত ভাল ৷ গতিকে ১১ বছৰীয়া খুশীৰ সপোন বাস্তৱত পৰিণত কৰিলে বিধায়কে । ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী পদত খুশীক অধিস্থিত কৰাৰ আগত প্ৰথমতে বিধায়ক আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক খুশীৰ ঘৰলৈ যায় ৷ আৰু তাৰ পিছত অত্যন্ত ধুম ধামেৰে খুশী বিদ্যালয়ত প্ৰবেশ কৰে। ইয়াৰ পিছত খুশী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কাৰ্যালয়ত প্ৰবেশ কৰি আসনত বহে ।

লগতে প্ৰধান শিক্ষয়ত্ৰী হৈ সমগ্ৰ বিদ্যালয়খন পৰিদৰ্শন কৰে। বিদ্যালয় পৰিদৰ্শন কৰি খুশীয়ে বিদ্যালয়খনৰ অভাৱ অভিযোগ সমুহৰ কথা ব্যক্ত কৰে । এই অভাৱ অভিযোগসমূহ অনতি পলমে সমাধান কৰা হ’ব বুলি কয় বিধায়ক গৰাকীয়ে। উল্লেখ্য যে এই সময়ত উপস্থিত আছিল খুশীৰ মাতৃ ৰ’জী। মাতৃয়ে কয় যে এয়া এক উল্লেখযোগ্য পদক্ষেপ ৷ইয়াৰ দ্বাৰা খুশীৰ আত্মবিশ্বাস বাঢ়িব। ইফালে বিধায়কে খুশীৰ নামত ৫১ হাজাৰ টকা প্ৰদান কৰে। যাতে খুশীয়ে প্ৰয়োজনীয় বস্তুসমূহ ক্ৰয় কৰিব পাৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Cleanliness Drive by Lumding Police under 'Swachh Bharat Abhiyan Week'

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com