মনিপুৰৰ ১২ বছৰীয়া কিশোৰে অহা বছৰ অৱতীৰ্ণ হ'ব দশম শ্ৰেণীৰ পৰীক্ষাত

মনিপুৰৰ ১২ বছৰীয়া কিশোৰে অহা বছৰ অৱতীৰ্ণ হ'ব দশম শ্ৰেণীৰ পৰীক্ষাত

মনিপুৰৰ ১২ বছৰীয়া কিশোৰে অহা বছৰ অৱতীৰ্ণ হ'ব দশম শ্ৰেণীৰ পৰীক্ষাত। মনিপুৰৰ চূৰান্দপুৰ জিলাৰ কাংবাই গাওঁৰ পৰা অহা এটা খবৰে সকলোকে আচৰিত কৰি তুলিছে । জানিব পৰা মতে কাংবাই গাওঁৰ আইজাক পালালুগমুৱান নামৰ কিশোৰ জনে ২০২০ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে উচ্চ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হব ।

প্ৰথম বাৰৰ বাবে আইজাক নামৰ কিশোৰ জনে অতি কম বয়সতে দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হবৰ বাবে মাধ্যমিক শিক্ষা সংসদ ,মনিপুৰ ( Board of secondary education,Manipur ) এ অনুমতি প্ৰদান কৰিছে । মনিপুৰ মাধ্যমিক শিক্ষা সংসদে বিশেষ গোচৰৰ অধীনত কিশোৰ জনৰ প্ৰকৃত বয়সৰ হিচাপত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰে।

আইজাক কাংবাই গাওঁৰ এম টি ওলিভ বিদ্যালয়ত অধ্যায়নৰত । আইজাক তেওঁলোকৰ ঘৰৰ ভাই ভনী সকলৰ মাজৰ সকলোতকৈ ডাঙৰ ল'ৰা। আইজাকৰ পিতৃ গেনখোলিয়েন ভাইপহী নামৰ লোক জনে বিগত বৰ্ষত শিক্ষা বিভাগলৈ তেওঁৰ পুত্ৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰে । ইয়াৰ পিছতেই আইজাকে আৰ আই এম এছ ইম্ফলৰ দ্বাৰা আয়োজিত মনোবিজ্ঞান পৰীক্ষা দিব লগা হয় । মনোবিজ্ঞান পৰীক্ষাৰ ফলাফল অনুসৰি আইজাকৰ মস্তিষ্কৰ বিকাশ ১৭ বছৰ ৫ মহীয়া যুৱকৰ সমান । তেওঁৰ বুদ্ধিৰ ভাগফল( আই কিছু) ১৪১, যি এক বৌদ্ধিক আৰু ভাল বিকাশৰ কাৰ্য কৰে ।

আইজাক এজন চৰকাৰী কৰ্মচাৰী হ'ব বিচাৰে । তেওঁ ইতিমধ্যে ওলিভ বিদ্যালয়ৰ পৰীক্ষাত উচ্চ স্থান লাভ কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com