Begin typing your search above and press return to search.

অসমীয়া ভাষা সদায় ৰাজ্যিক ভাষা হৈ থাকিব : অসম গণ পৰিষদ

অসমীয়া ভাষা সদায় ৰাজ্যিক ভাষা হৈ থাকিব : অসম গণ পৰিষদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Dec 2019 5:53 AM GMT

অসমীয়া ভাষা সদায় ৰাজ্যিক ভাষা হৈ থাকিব : অসম গণ পৰিষদ ।‌ অসম গন পৰিষদে দাবী প্ৰদান কৰিছে যে কেন্দ্ৰই অসমীয়া ভাষাটো চিৰ দিনৰ বাবে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্ৰদান কৰক ।‌

শনিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত হোৱা এক বৈঠকত অসম গন পৰিষদে এই দাবী উত্থাপন কৰে। বৈঠক খনত শীতকালীন অধিবেশন চলি থকাৰ সময়তে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ নতুন সংস্কৰণৰ তালিকাত অন্তৰ্ভুক্তৰ বিষয়ে আলোচনা কৰে ।

দলৰ অধ্যক্ষ অতুল বৰাৰ নেতৃত্বত অসম গন পৰিষদৰ এক উচ্চ স্তৰীয় প্ৰতিনিধি দলে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে আৰু ৰবিবাৰে চহৰত উপস্থিত হয় । দলৰ অধ্যক্ষ অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে অসম গন‌ পৰিষদে অমিত শ্বাহক অসমীয়া ভাষাটো ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্ৰদান কৰাৰ দাবী কৰিছে ।‌ লগতে কয় যে কেন্দ্ৰই অসমৰ ৬ নং দফাৰ ৰূপায়ন কৰি অসমৰ জনসাধৰণৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সকলো খিনিয়েই কৰিব ।

তদুপৰি বৰাই কয় যে দলটোৱে কেন্দ্ৰক দাবী কৰে যে বিধান সভাৰ ১২৬ খন আসনৰ ১০০ খন আৰু লোকসভাৰ ১৪ খন আসন থলুৱা জনসাধৰনৰ বাবে সংৰক্ষণ কৰিব লাগে । তেওঁ কয় যে কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়কৰ নতুন সংস্কাৰণ প্ৰস্তুত কৰাৰ পিছত অসম গন পৰিষদে নিজৰ বিচাৰ ব্যক্ত কৰিব ।

অসম গন পৰিষদৰ সাধৰণ সম্পাদক কমলা কান্ত কলিতাই কয় যে দলটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক স্পষ্ট ৰূপত কৈছে যে তেওঁলোকে কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কৰ পুৰনা সংস্কাৰণ মানি নলয় । তেওঁ কয় যে কেন্দ্ৰই কেব গৃহীত কৰিবৰ বাবে দৃঢ় প্ৰতিজ্ঞ ।‌

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু অসম গন পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই এতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি তেওঁলোকৰ উদ্দেশ্যত অটল আছে ।

তদুপৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত ৩ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত এক বৈঠকত মিলিত হব ।

অন্য খবৰৰ বাবে পঢ়ক : অসমত এতিয়াও সক্ৰিয় হৈ আছে ৪ টাকৈ উগ্ৰপন্থী সংগঠন: চন্দ্ৰ মোহন পাটোৱাৰী

ভিডিঅ প্ৰতক্ষ্য কৰক: DGP Kuladhar Saikia officially handed over charge to Bhaskar Jyoti Mahanta in Guwahati

Next Story
চাকৰি