Begin typing your search above and press return to search.

অসমত এতিয়াও সক্ৰিয় হৈ আছে ৪ টাকৈ উগ্ৰপন্থী সংগঠন: চন্দ্ৰ মোহন পাটোৱাৰী

অসমত এতিয়াও সক্ৰিয় হৈ আছে ৪ টাকৈ উগ্ৰপন্থী সংগঠন: চন্দ্ৰ মোহন পাটোৱাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2019 7:37 AM GMT

অসমত এতিয়াও সক্ৰিয় হৈ আছে ৪ টাকৈ উগ্ৰপন্থী সংগঠন: চন্দ্ৰ মোহন পাটোৱাৰী।‌ অসমত জামাত-অল-মুজাহিদীন চমুকৈ জে এম বিৰ লগতে আলফা (স্বাধীন), এন ডি এফ বি (এছ), কৰে পি এল টি এতিয়াও সক্ৰিয় হৈ আছে। আনহাতে দেশৰ আন ১৩ টা উগ্ৰপন্থী সংগঠন চৰকাৰৰ লগত শান্তি আলোচনাত অংশ গ্ৰহণ কৰিছে ।

শনিবাৰে সদনত গৃহ বিভাগৰ হৈ এই কথা সাদৰি কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । পাটোৱাৰীয়ে কয় যে বৰ্তমানলৈ আলফা( স্বাধীন) এ চৰকাৰৰ লগত শান্তি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰা নাই যদিও অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আশা ৰাখিছে যে আলফাই শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব। তেওঁ কয় যে এন ডি এফ বি (পি ) য়ে ২০০৫ চনত শান্তি আলোচনাত ভাগ লৈছিল আৰু আলফা আৰু কে এল এন এল এফৰ লগতে আন ৯ টা উগ্ৰপন্থী সংগঠনে ২০১১, ২০১৩ আৰু ২০১৬ চনত শান্তি আলোচনাত মিলিত হৈছিল।

আলফা চৰকাৰৰ শান্তি প্ৰক্ৰিয়া সম্পৰ্কত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে বৰ্তমান অসমত শান্তি প্ৰতিষ্ঠাৰ বাবে আলফাৰ লগত চৰকাৰৰ মাজত হোৱা আলোচনা প্ৰক্ৰিয়া সঠিক দিশত আগবাঢ়িছে । ইয়াৰ ক্ষেত্ৰত সকৰাত্মক পৰিনাম লাভ কৰাৰ আশা কৰে বুলি কয় মন্ত্ৰী গৰাকীয়ে।

পাটোৱাৰীৰ মতে অসমত চাৰিটা উগ্ৰপন্থী সংগঠনৰ লগতে চাইবাৰ ক্ৰাইমেও এক বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । লগতে কয় যে এনেধৰণৰ পৰিস্থিতিৰ তদন্ত কৰাৰ বাবে গুৱাহাটীত প্ৰয়োজনীয় তথ্য, শিক্ষা, প্ৰশিক্ষন আৰু বিশ্লেষণ কেন্দ্ৰ স্থাপন কৰা হৈছে ।

তদুপৰি তেওঁ কয় যে আত্মসমৰ্পন কৰা উগ্ৰপন্থী সকলৰ পুনৰসংস্থাপনৰ বাবে এটা যোজনা আৰম্ভ কৰা হৈছে।

ৰাজ্যৰ আইন কানুন ব্যৱস্থাৰ ওপৰত মন্ত্ৰী গৰাকীয়ে কয় যে বিগত তিনিটা বৰ্ষত ৰাজ্যত ২৫,৭৮০ অপহৰণ , মহিলাৰ ওপৰত অত্যাচাৰ আৰু যৌতুকৰ বাবদ ৩০,৮২০ টা গোচৰ আৰু চাইবাৰ ক্ৰাইমৰ বাবে ৩,৬৪৬ টা গোচৰ ৰুজু হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চল,ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যত কেব গৃহীত নহয় :অমিত শ্বাহ

ভিডিঅ প্ৰতক্ষ্য কৰক: Two weeks national workshop on research methodology at Bodoland University concluded

Next Story
চাকৰি