Begin typing your search above and press return to search.

ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চল,ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যত কেব গৃহীত নহয় :অমিত শ্বাহ

ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চল,ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যত কেব গৃহীত নহয় :অমিত শ্বাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2019 6:52 AM GMT

ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চল,ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যত কেব গৃহীত নহয় :অমিত শ্বাহ। বিধানসভাত চলি থকা শীতকালীন অধিবেশনত কেন্দ্ৰই ইনাল লাইন পাৰ্মিটৰ ব্যৱস্থা থকা ৰাজ্য সমূহ আৰু ষষ্ঠ অনুসূচীৰ অধীনত থকা অঞ্চল সমূহত নাগৰিকত্ব সংশোধনী বিধেয়ক বলবৎ নকৰাৰ প্ৰস্তাৱ উত্থাপন কৰে । বিভিন্ন দল সংগঠন, ছাত্ৰ সংগঠন , ৰাজনৈতিক দল আদিৰ লগত হোৱা মেলৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই বিশ্বাস দিয়ে ।‌ তাৰ পিছতেই শনিবাৰে সংবাদ মাধ্যমৰ আগত অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ কেৱল কেইটামান অঞ্চলতহে নাগৰিকত্ব সংশোধনী বিধেয়ক‌ গৃহীত হ'ব ।

লগতে শৰ্মাই কয় যে এইবাৰ কেবে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ এক সঠিক সময় সীমা বান্ধি দিব । তদুপৰি ৩১ ডিচেম্বৰ ২০১৪ চনৰ আগলৈ অহা লোক সকলে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে । লগতে কয় যে বৈঠকত সকলো প্ৰতিনিধিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাৰ্তাৰ পিছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে ।

ষষ্ঠ অনুসূচী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম , মেঘালয়, ত্ৰিপুৰা, আৰু মিজোৰামত জনজাতীয় ক্ষেত্ৰত প্ৰশাসনৰ ১০ খন স্বায়ত্ব জিলা পৰিষদ আছে । লগতে ইনাৰ লাইন পাৰ্মিট মিজোৰাম, অৰুণাচল প্ৰদেশ , নাগালেণ্ড, আৰু ছিক্কিমৰ কিছু কিছু অঞ্চলত বলবৎ আছে ।

লগতে কয় যে অসমে নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে সংবিধানৰ ৬ নং দফাৰ ৰূপায়ন হোৱাটো বিচাৰিছে যাতে অসমীয়া জাতিটোল ভাষা বিপন্ন নহয় । তাৰ কাৰণে সংবিধানৰ ৩৪৫ নং অনুচ্ছেদত অসমীয়াক ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি দিয়াৰ পৰামৰ্শ আগবঢ়াইছে । তদুপৰি ইয়াৰ বাবে এক কমিটি গঠন হোৱাৰ কথাও উল্লেখ কৰে শৰ্মাই ।

এই সময়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছে অতি কঠোৰ স্থিতি প্ৰদৰ্শন কৰা দেখা গৈছে ।

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই কয় যে এই নাগৰিকত্ব সংশোধনী বিধেয়ক খনে থলুৱা জনসাধাৰণৰ মাজত অৰাজকতা পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ‌ লোক সকলৰ মাজত অসুৰক্ষিত ভাৱনা আনিব ।

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বহুতো দল সংগঠনে বিভিন্ন ধৰণে বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

অন্য খবৰৰ বাবে পঢ়ক : কয়লা চিণ্ডিকেট প্ৰসংগত উত্তপ্ত বিধানসভা

ভিডিঅ প্ৰতক্ষ্য কৰক: Two weeks national workshop on research methodology at Bodoland University concluded

Next Story
চাকৰি