ৰাজ্যৰ ১২৩ খন চৰকাৰী চিকিৎসালয়ত আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা

ৰাজ্যৰ ১২৩ খন চৰকাৰী চিকিৎসালয়ত আয়ুস্মান ভাৰত আঁচনিৰ সুবিধা জনসাধাৰণে লাভ কৰিব ৷ ইফালে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ত ১৪১ খন ব্যক্তিগত চিকিৎসালয়ত আৰু ৩৮ খন চৰকাৰী চিকিৎসালয়ত আঁচনি আৰম্ভ কৰা হৈছিল। গতিকে চৰকাৰী চিকিৎসালয়ৰ লগতে বৰ্তমান এই আঁচনি ১৪৬ খন ব্যক্তিগত চিকিৎসালয় আৰু ১৬১ খন চৰকাৰী চিকিৎসালয়ত উপলব্ধ হৈছে ৷
দেওবাৰে আয়ুস্মান ভাৰত আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰাম্ভ কৰিবলৈ গৈ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে নেতৃত্বৰ অভাৱে চিকিৎসাৰ ক্ষেত্ৰখনক প্ৰভাৱিত কৰিছে ৷ লগতে মন্ত্ৰী ড° শৰ্মাই কয় যে নেতৃত্বৰ অভাৱৰ কাৰণে চিটী স্কেন কৰিবলৈ ১১ দিন লাগে ৷ পৰীক্ষাৰ কাৰণে আৱশ্যক সাত দিন আৰু ইয়াৰ পিছত ৰিপৰ্টটো পাবলৈ লাগে চাৰিদিন।
সেৱা সপ্তাহৰ কাৰণে ৰক্ত দান কৰিবলৈ যাওঁতে এই তথ্য স্বাস্থ্যমন্ত্ৰীক দিয়ে এগৰাকী মহিলা ৰোগীয়ে। ইয়াৰ পিছতেই স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে ৰোগীসকলৰ লগত কৰা ব্যৱহাৰৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি কিছুমান স্বাস্থ্য সেৱাৰ লগত জৰিত ব্যক্তিয়ে ৰোগীসকলক ভাল ব্যৱহাৰ নকৰে।
জন আৰোগ্য আঁচনিৰ আৰোগ্য মিত্ৰসকলে, সঠিকভাৱে দায়িত্ব পালন নকৰে বুলি আক্ষেপ কৰাৰ লগতে এই ক্ষেত্ৰত উচিত ব্যৱস্থা ল’ব বুলিও কয় ড° শৰ্মাই ৷ ৷ চৰকাৰে ৮০ শতাংশ সা সুবিধা প্ৰদান কৰোঁতেও ৰোগীসকলে ঔষধ আৰু অন্যান্য সা সুবিধা লাভ কৰাত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় । ইফালে অনতি পলমে ৰাজ্যৰ ৬০০ চাহ বাগিছাৰ চিকিৎসালয়ত মেডিকেল ষ্ট’ৰ স্থাপন কৰা হ’ব।
আনহাতে ৰাজ্যৰ ১২৩ খন চৰকাৰী চিকিৎসালয়ত আয়ুস্মান ভাৰত আঁচনিৰ সুবিধা জনসাধাৰনে লাভ কৰিব বুলি মন্ত্ৰীজনে সদৰি কৰে ।এই আঁচনিৰ অধীনত দাৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালে বাৰ্ষিক ৫ লাখ টকা মূল্যৰ স্বাস্থ্য বীমা লাভ কৰিব ।এই আঁচনিত ২৭ লাখ পৰিয়ালক সামৰি লোৱা হৈছে। উল্লেখ্য যে , এই আঁচনিত অসমত এই পৰ্যন্ত ৭৫ হাজাৰ পৰিয়াল লাভান্বিত হৈছে।
স্বাস্থ্য সংস্থা আৰু অটল অমৃতৰ উদ্যোগত আয়োজন কৰা হয় ৱাকাথনৰ কাৰ্যসূচী ৷ আয়ুস্মান ভাৰত পখৱাড়াৰ উদযাপনৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ ৰাজ্যিক স্বাস্থ্য সংস্থা,অটল অমিত সমিতিৰ উদ্যোগত গুৱাহাটীত আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচী ৷ মহানগৰীৰ নেহেৰু ষ্টেডিয়ামৰ পৰা দীঘলী পুখুৰী পাৰলৈ এক ৱাকাথন অথবা প্ৰভাত ফেৰীৰ আয়োজন কৰা হয় ।
অন্য খবৰৰ বাবে পঢ়ক: মহানগৰীত স্বাস্থ্য সংস্থা আৰু অটল অমৃতৰ উদ্যোগত ৱাকাথনৰ কাৰ্যসূচী
ভিডিঅ প্ৰতক্ষ্য কৰক:Thukubil Satra in Charaideo observed ‘Buka Bhaona’