Begin typing your search above and press return to search.

দীপাৱলীৰ প্ৰথম দিনটোতেই ৰাজ্যত সংঘটিত হ'ল ১২৭ টা পথ দুৰ্ঘটনা

দীপাৱলীৰ প্ৰথম দিনটোতেই ৰাজ্যত সংঘটিত হল ১২৭ টা পথ দুৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2019 7:08 AM GMT

দীপাৱলীৰ প্ৰথম দিনটোতেই ৰাজ্যত সংঘটিত হ'ল ১২৭ টা পথ দুৰ্ঘটনা।সমগ্ৰ ৰাজ্যতে‌ উলহ মালহেৰে পালন কৰা হয় পোহৰৰ উৎসৱ‌ দীপাৱলী। এই দীপাৱলীৰ উলহ মালহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় প্ৰায় ডেৰ শতাধিক পথ দুৰ্ঘটনা। অৱশ্যে এই সমূহ পথ দুৰ্ঘটনা কেৱল ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ নিয়ন্ত্ৰণ কক্ষই পঞ্জীয়ন কৰা । কিন্তু প্ৰকৃত সংখ্যা বেছি বুলি বিভিন্ন সূত্ৰ প্ৰকাশ কৰিছে। দীপাৱলীৰ মাজত সংঘটিত হোৱা এনে দুৰ্ঘটনাৰ সংখ্যা প্ৰায় ১২৭ টা ।

এই কথা সাদৰি কৰিছে ১০৮ জৰুৰীকালীন এম্বুলেন্স‌‌ সেৱাৰ নিয়ন্ত্ৰণ কক্ষই । তাৰ উপৰিও ৰাজ্যৰ বিভিন্ন স্থানত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হয় বুলি নিয়ন্ত্ৰণ কক্ষৰ সূত্ৰই জানিবলৈ দিছে ।

আনহাতে দীপাৱলীৰ সময়ছোৱাত দেওবাৰে আটছ বাজীৰ ফলত ১৭ জন লোক অগ্নিদগ্ধ হোৱা বুলি ১০৮ জৰুৰী সেৱাৰ সূত্ৰই জানিবলৈ দিছে। অগ্নিদগ্ধ হৈ চিকিৎসাধীন হ'ব লগীয়া লোকৰ ভিতৰত ওদালগুৰিত আছে সৰ্বাধিক সংখ্যক লোক। ওদালগুৰি জিলাত ছয় জন লোক অগ্নিদগ্ধ হৈ চিকিৎসাধীন হোৱাৰ বিপৰীতে কামৰূপ মেট্ৰ'ত ৩ জন , কামৰূপ, যোৰহাট আৰু ডিব্ৰুগড়ত দুজনকৈ লোক অগ্নিদগ্ধ হয় ।

তদুপৰি লক্ষীমপুৰ আৰু শোণিতপুৰত অগ্নিদগ্ধ হৈ একোজনকৈ লোক চিকিৎসাধীন হৈছে। সেই একেটা দিনতেই অৰ্থাৎ ২৭ অক্টোবৰত ৰাজ্যত সংঘটিত হয় ১২৭ টা পথ দুৰ্ঘটনা । ৰাজ্যত উদযাপন হোৱা দীপাৱলীৰ প্ৰথম দিনটোতেই কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্যত সংঘটিত হয় ১৬ টাকৈ পথ দুৰ্ঘটনা । তদুপৰি সেই একেটা দিনতেই ধেমাজিত সংঘটিত হয় ১৩ টা পথ দুৰ্ঘটনা, বৰপেটাত ১০ টাৰ উপৰিও শোনিতপুৰত ৮ টা , গোলাঘাট, নলবাৰী , লক্ষীমপুৰত ৭ টাকৈ পথ দুৰ্ঘটনা , যোৰহাট, শিৱসাগৰ , ধুবুৰী আৰু বাক্সাত ৫ টাকৈ , ডিব্ৰুগড় আৰু নগাঁওত ৪ টাকৈ , গোৱালপাৰা আৰু বঙাইগাঁওত ৩ টাকৈ , কাছাৰ আৰু চিৰাং ত দুটাকৈ আৰু কোকৰাঝাৰ, দৰং আৰু তিনিচুকীয়াত সংঘটিত হয় ১ টাকৈ পথ দুৰ্ঘটনা ।

অন্য খবৰৰ বাবে পঢ়ক: ডিটেনচন কেম্প চোৱা চিতাৰ বাবে পৰ্যালোচনা কমিটি গঠন চৰকাৰৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Railway Employee’s Union staged candle light protest opposing privatization of trains

Next Story
চাকৰি