Begin typing your search above and press return to search.

ডিটেনচন কেম্প চোৱা চিতাৰ বাবে পৰ্যালোচনা কমিটি গঠন চৰকাৰৰ

ডিটেনচন কেম্প চোৱা চিতাৰ বাবে পৰ্যালোচনা কমিটি গঠন চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2019 10:51 AM GMT

ডিটেনচন কেম্প চোৱা চিতাৰ বাবে পৰ্যালোচনা কমিটি গঠন চৰকাৰৰ ।ৰাজ্যৰ ছয়টা ডিটেনচন কেম্পত থকা বন্দী‌সকলৰ স্বাস্থ্য তথা অন্যান্য অৱস্থা সমূহৰ চোৱা চিতাৰ বাবে ৰাজ্য চৰকাৰে এক বিশেষ পৰ্যালোচনা কমিটী গঠন কৰিছে । আৰক্ষী সীমান্ত শাখাৰ ডি আই জি ডি মুখাৰ্জীৰ নেতৃত্বত গঠন কৰা হয় এই কমিটি খন ।

চলিত বৰ্ষৰ ১৯ অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল‌আৰু সদৌ অসম বঙালী যুৱ ফেডাৰেচনৰ নেতা সকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকৰ পিছত কমিটি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

বিদেশী ন্যায়াধীকৰত থকা বিদেশী ঘোষিত ঢেকিয়াজুলিৰ দুলাল চন্দ্ৰ পালৰ গুৱাহাটী মেডিকেল কলেজ আৰু হস্পাতালত মৃত্যু হোৱা ঘটনাৰ ফলত এই পৰিস্থিতিৰ উদ্ভৱ হয় ।

এই ঘটনাৰ পিছতেই জি এম চি এইচে এই কমিটি গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দিছিল । দুলাল পালৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে পালৰ মৃতদেহ গ্ৰহণ কৰাৰ পৰা অস্বীকাৰ কৰিছিল । তাৰোপৰি পৰিয়ালটোৱে ১০ দিনলৈ দুলাল পালৰ মৃতদেহ গ্ৰহণ কৰা নাছিল । এনে ধৰনৰ এখন কমিটিৰ যে অতি প্ৰয়োজন এই কথা চৰকাৰে দুলাল পালৰ মৃত্যুৰ ঘটনাৰ পৰা লাভ কৰা অভিজ্ঞতাৰ পৰা অনুভৱ কৰে ।

ৰাজ্যত থকা ছয়টা ডিটেনচন কেম্পত প্ৰায় ৯০০ জন বন্দী আছে । এই সকলো বন্দী লোকৰ চোৱা চিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বন্দীৰ স্বাস্থ্য , খাদ্য , বন্দী‌ সকলৰ লৰা ছোৱালীৰ শিক্ষাৰ সুযোগ সুবিধা , আইনগত সাহাৰ্য্য প্ৰদান আদিৰ বিষয়ে গুৰুত্ব দিয়াৰ বাবে এই বিশেষ পৰ্যালোচনা কমিটি গঠন হয় । তাৰোপৰি তিনি মাহৰ ভিতৰত ডিটেনচন কেম্পত যাৱতীয় অৱস্থা সম্পৰ্কে কমিটি খনে চৰকাৰক এক ৰিপোৰ্ট দিব লাগিব । লগতে প্ৰয়োজন হ'লে বিশেষ পৰ্যালোচনা কমিটি খনে ডিটেনচন কেম্পত থকা বন্দী তথা বন্দীৰ লৰা ছোৱালীৰ বাবে কি ধৰনৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন সেই বিষয়েও পৰামৰ্শ ও দিব ।

উচ্চ স্তৰীয় এক সূত্ৰ অনুসৰি যি কেইখন জিলাত ডিটেনচন কেম্প আছে সেই সকলো কেম্পৰ বন্দী সকলৰ লৰা ছোৱালীৰ শিক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব । তাৰোপৰি ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অসমত ১১ টা পৃথক ডিটেনচন কেম্প বনোৱা হ'ব । লগতে গোৱালপাৰাত চলি থকা ডিটেনচন কেম্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: হাৰিয়ানাত গঠন হ’ব বিজেপি, জননায়ক জনতা পাৰ্টীৰ মিত্ৰজোঁট চৰকাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Railway Employee’s Union staged candle light protest opposing privatization of trains

Next Story