Begin typing your search above and press return to search.

হাৰিয়ানাত গঠন হ'ব বিজেপি, জননায়ক জনতা পাৰ্টীৰ মিত্ৰজোঁট চৰকাৰ

হাৰিয়ানাত গঠন হব বিজেপি, জননায়ক জনতা পাৰ্টীৰ মিত্ৰজোঁট চৰকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2019 9:26 AM GMT

হাৰিয়ানাত গঠন হ'ব বিজেপি, জননায়ক জনতা পাৰ্টীৰ মিত্ৰজোঁট চৰকাৰ।হাৰিয়ানাত পুনৰ বিজেপি দলে তেওঁলোকৰ নতুন মিত্ৰ জে জে পি দলৰ সৈতে চৰকাৰ গঠন কৰিব। শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টী আৰু আঞ্চলিক দল জননায়ক জনতা পাৰ্টীয়ে মিত্ৰজোঁট চৰকাৰ গঠন কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । বিজেপি দলৰ সভাপতি তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জে জে পিৰ সভাপতি দুষ্যন্ত ছৌতালৰ উপস্থিতত দুয়োটা দলৰ মিত্ৰজোঁট চৰকাৰ গঠনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ।

বিজেপিৰ সভাপতি অমিত শ্বাহে কয় যে চৰকাৰে জনতাৰ আদেশৰ প্ৰতি সন্মান জনাই সিদ্ধান্ত গ্ৰহণ কৰিব । লগতে শ্বাহে আনুষ্ঠানিক ভাৱে কয় যে হাৰিয়ানাত গঠন হ'ব লগীয়া চৰকাৰত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব ভাৰতীয় জনতা পাৰ্টীৰ এজন নেতা তথা উপ মুখ্যমন্ত্ৰী হ'ব জে জে পি দলৰ পৰা। জে জে পিৰ মুৰব্বী দুষ্যন্ত চৌতালাই কয় যে জে জে পি দলে হাৰিয়ানাত চৰকাৰ গঠনৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীক সহায় কৰিব ।

উল্লেখ্য যে হাৰিয়ানাত গঠন হ'ব লগীয়া চৰকাৰ খনৰ উপ মুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালা হোৱাৰ সম্ভৱানা আছে ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰে কয় যে দলৰ বিধায়কৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি শনিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি ৰাজ্যত চৰকাৰ গঠনৰ দাৱী উত্থাপন কৰিব । দুষ্যন্ত চৌতালাৰ পৰিয়ালৰ পৰা কোনো সদস্য ১৫ বছৰ পিছত আকৌ ক্ষমতালৈ আহিছে । ইয়াৰ পূৰ্বে জে জে পিৰ মুৰব্বী চৌতিলাৰ ককা ওম প্ৰকাশ চৌতালে ২০০৪ চনত কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল ।

উল্লেখ্যযোগ্য যে সদ্য ঘোষিত বিধানসভাৰ ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছিল ৪০ খন আসন । বিজেপি দল এই বিধান সভা নিৰ্বাচনত একক বৃহৎ দল হিচাপে পৰিগণিত হয় যদিও দটোৱে সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হৈছিল ।

আনহাতে ১১ মাহৰ আগতে গঠন হোৱা জে জে পি দলে লাভ কৰে ১০ খন আসন। এতিয়া দুয়োটা দল মিলি চৰকাৰ গঠন হলে সাধাৰণ সংখ্যা গৰিষ্ঠতাতকৈ বহু বেছি বিধায়কৰ সমৰ্থন থাকিব। আনহাতে চৰকাৰখনক কেইবাজনো নিৰ্দলীয় বিধায়কেও সমৰ্থন দিয়া বুলি জানিব পৰা গৈছে।

অন্য খবৰৰ বাবে পঢ়ক: অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ পৰালোক প্ৰাপ্তি

ভিডিঅ প্ৰতক্ষ্য কৰক : Railway Employee’s Union staged candle light protest opposing privatization of trains

Next Story
চাকৰি