অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ পৰালোক প্ৰাপ্তি

অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ পৰালোক প্ৰাপ্তি

অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ পৰালোক প্ৰাপ্তি । অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান খগেন শৰ্মা শুক্ৰবাৰে সন্ধিয়া ৭.১৫ বজাত চহৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় পৰালোক হয়। অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক গৰাকী কিছুদিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল । মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী বন্দনা শৰ্মা আৰু পুত্ৰ ত্ৰিনয়ন শৰ্মা সহ বহু আত্মীয়ক এৰি থৈ যায়।চিকিৎসালয়ৰ পৰা তেওঁৰ মৃতদেহটো বিশেষ শাখাত থকা চৰকাৰী আৱাসলৈ নিয়া হয় । ইয়াৰ পাছতে আৰক্ষীৰ মুখ্য কাৰ্য্যালয়লৈ প্ৰাক্তন সঞ্চালক প্ৰধান জনৰ নশ্বৰ দেহ নিয়া হয় আৰু তাতে শেষ শ্ৰদ্ধা জনোৱা হয়। পিছত শৰ্মাৰ গুৱাহাটীস্থিত গুৱাহাটী নৱগ্ৰহ শ্মশানত অন্তিম সৎকাৰ সম্পন্ন কৰা হব।

অৱসৰপ্ৰাপ্ত সঞ্চালক খগেন শৰ্মা ১৯৮২ চনৰ অসম মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আছিল । ২০১৩ চনত তেওঁ গৃহৰক্ষী বাহিনীৰ সৰ্বাধিনায়ক পদত যোগদান কৰাৰ পিছতেই শৰ্মাই ২০১৪ চনৰ ১৭ জানুৱাৰী তাৰিখে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব লৈছিল । ২০১৫ চনৰ ৩০ নৱেম্বৰত সঞ্চালক গৰাকীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

১৯৮২ চনৰ আই পি এছ বিষয়া গৰাকীয়ে অসম আৰক্ষীৰ বিভিন্ন পুৰস্কাৰেৰে বিভূষিত হোৱাৰ লগতে বিশেষ শাখাত প্ৰায় ডেৰ দশক দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।‌

ইয়াৰ পূৰ্বে অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান গৰাকীয়ে যোৰহাট আৰক্ষী অধীক্ষক , গোলাঘাট মহকুমা আৰক্ষী বিষয়া , গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক , দেৰগাঁও আৰক্ষী প্ৰশিক্ষন মহাবিদ্যালয়ৰ অধ্যক্ষ , উত্তৰ মণ্ডলৰ ডি জি আই ৰ লগে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল ।

খগেন শৰ্মাই বিশেষ শাখাত কাৰ্যনিৰ্বাহ কৰা সময়তে তেওঁ আলফা , এন ডি এফ বি ( পি ) , এন ডি এফ বি ( ৰঞ্জন দৈমাৰী দল ) আদিকে ধৰি ৯ টা বিদ্ৰোহী সংগঠনক চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ।

প্ৰাক্তন সঞ্চালক প্ৰধান জনৰ মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন সঞ্চালক প্ৰধান জনৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com