কৱিড-১৯: মাথোঁ ২৪ ঘণ্টাত ভাৰতত ধৰা পৰিল ১৪৯জন আক্ৰান্ত

কৱিড-১৯: মাথোঁ ২৪ ঘণ্টাত ভাৰতত ধৰা পৰিল ১৪৯জন আক্ৰান্ত

কৱিড-১৯: মাথোঁ ২৪ ঘণ্টাত ভাৰতত ধৰা পৰিল ১৪৯জন আক্ৰান্ত

ভাৰতত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ যোৱা মাথোঁ ২৪ঘণ্টাতে দেশৰ বিভিন্ন স্থানত নতুনকৈ ধৰা পৰিল ১৪৯জন আক্ৰান্ত ৷ ইয়াৰ লগে লগে এই মহামাৰীত আক্ৰান্তৰ সংখ্যা আঠ শতাধিক হৈছে ৷ আনহাতে, মাথোঁ ২৪ঘণ্টাত দেশত ১৪৯জন আক্ৰান্ত ধৰা পৰাটো হৈছে বৰ্তমানলৈকে অধিক সংখ্যক ৰোগী ধৰা পৰাৰ ঘটনা ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ক’ৰ’না ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৮৭৩জন ৷ ইয়াৰে ১৯জনৰ ইতিমধ্যে মৃত্যু হৈছে ৷ ইপিনে, বিশ্ব স্বাস্থ্য সংস্থা (হু)ই সম্প্ৰতি এক উদ্বেগজনক বাৰ্তা প্ৰেৰণ কৰিছে ৷ সংস্থাটোৰ মতে, ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক ওলাবলৈ অন্ততঃ আৰু ১২ৰ পৰা ১৮মাহ সময়ৰ প্ৰয়োজন হ’ব ৷

সেয়েহে সংস্থাটোৱে ক’ৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে সন্মিলিতভাবে যুঁজ দিবলৈ বিশ্বৰ সকলো দেশলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে এই বৰ্তমানলৈ সমগ্ৰ বিশ্বত লক্ষাধিক লোক আক্ৰান্ত হোৱাৰ উপৰি ১৫হেজাৰৰো অধিক প্ৰাণ হেৰুৱাইছে ৷ আনহাতে, ক’ৰ’না ভাইৰাছ সৃষ্ট মহামাৰীয়ে সমগ্ৰ বিশ্বক গভীৰ আৰ্থিক সংকটলৈ ঠেলি দিয়া বুলি আন্তৰ্জাতিক মুদ্ৰা নিধি(আই এম এফ)য়ে প্ৰকাশ কৰিছে ৷ এক বিবৃতিত আই এম এফৰ মুৰব্বী ক্ৰিষ্টিলানা জৰ্জিয়েভাই কয়, “ এই কথা স্পষ্ট হৈ পৰিছে যে আমি আৰ্থিক মন্দাত সোমাই পৰিছোঁ ৷ এই মন্দা ২০০৯ৰ মন্দাতকৈ অধিক গভীৰ ৷” উল্লেখ্য যে যোৱা মঙলবাৰে ক’ৰ’না মহামাৰীৰ প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ২১ দিনীয়া দেশজোৰা তলাবন্ধ ঘোষণা কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com