ক’ৱিড-১৯ মহামাৰীঃ মুম্বাইত ক’ৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দি চিকিৎসকৰ মৃত্যু,

ক’ৱিড-১৯ মহামাৰীঃ মুম্বাইত ক’ৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দি চিকিৎসকৰ মৃত্যু,

ক’ৱিড-১৯মহামাৰীঃ মুম্বাইত ক’ৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দি চিকিৎসকৰ মৃত্যু,চিকিৎসকজনৰ গোটেই পৰিয়ালৰ দেহত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দি জীৱননাট সামৰিলে মুম্বাইৰ এজন চিকিৎসকে ৷ ক’ৰ’না মহামাৰীত চিকিৎসকজনৰ যোৱা নিশা মৃত্যু হয় ৷ চৰকাৰী তথ্য অনুসৰি দুৰ্ভগীয়া চিকিৎসকজন মুম্বাইৰ হিন্দুজা হাস্পতালত চিকিৎসাধীন অৱস্থাত যোৱা নিশা মৃত্যুমুখত পৰে ৷ ৮২বছৰীয়া চিকিৎসকজনৰ নাতিয়েক ইংলণ্ডত আছিল ৷ অলপতে নাতিয়েক ঘৰলৈ ঘূৰি আহে ৷ তাৰ পাছতে তেওঁ ঘৰত আছুতীয়াকৈ থাকিবলৈ লয় যদিও ককাক এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হয় ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, চিকিৎসকজন চাৰি দিন পূৰ্বৰে পৰা কাহত আক্ৰান্ত হয় ৷ ক্ৰমে তেওঁৰ অৱস্থা বেয়াৰ ফালে ধাল খোৱাত তেওঁক মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ তাতে চিকিৎসাধীন অৱস্থাত যোৱা নিশা তেওঁৰ মৃত্যু হয় ৷ স্বাভাৱিকতে এই খবৰে বহুতকে আতংকিত কৰিছে ৷ উল্লেখ্য যে এই পৰ্যন্ত ভাৰতত কমেও ১৭জন লোক এই মহামাৰীত মৃত্যুমুখত পৰিছে ৷ তদুপৰি সাত শতাধিক লোক আক্ৰান্ত হৈছে ৷ এনেদৰে ক্ৰমাৎ পৰিস্থিতি ভয়াবহ হৈ উঠিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com