Begin typing your search above and press return to search.

ৰাইজ আমাক সেনা নিয়োগ কৰিবলৈ বাধ্য নকৰিবঃ মহাৰাষ্ট্ৰ চৰকাৰৰ হুংকাৰ

ৰাইজ আমাক সেনা নিয়োগ কৰিবলৈ বাধ্য নকৰিবঃ মহাৰাষ্ট্ৰ চৰকাৰৰ হুংকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 March 2020 1:09 PM GMT

ৰাইজ আমাক সেনা নিয়োগ কৰিবলৈ বাধ্য নকৰিবঃ মহাৰাষ্ট্ৰ চৰকাৰৰ হুংকাৰ

ক’ৱিড-১৯মহামাৰীৰ প্ৰকোপ ৰোধ কৰিবলৈ ভাৰত চৰকাৰে ঘোষণা কৰা ২১-দিনীয়া দেশজোৰা তলাবন্ধৰ সময়ছোৱাত খাদ্য-বস্তু ক্ৰয় কৰিবলৈ দেশৰ বিভিন্ন স্থানত সাধাৰণ লোকে অভাৱনীয় ভিৰৰ সৃষ্টি কৰিছে ৷ মহাৰাষ্ট্ৰত পৰিস্থিতি এনে হৈছে যে চৰকাৰে সেনা নিয়োগ কৰাৰ হুংকাৰ দিবলগীয়া হৈছে ৷ উল্লেখ্য যে এই ল’ক-ডাউন ঘোষণাৰ মূল উদ্দেশ্য হৈছে এজনক আন এজন লোকৰ পৰা দূৰৈত ৰখা ৷ অৰ্থাৎ সামাজিক দূৰত্ব বৰ্তাই ৰখা ৷ কাৰণ ক’ৰ’না ভাইৰাছ অতি সংক্ৰামক অৰ্থাৎ এই ভাইৰাছ এজনৰ শৰীৰৰ পৰা আন এজনলৈ অতি সহজে বিয়পি পৰে ৷ এনেদৰে মুহূৰ্তৰ ভিতৰতে এই মহামাৰীয়ে একো একোটা অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মিলা-মিছা বন্ধ কৰাৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১-দিনীয়া দেশজোৰা তলাবন্ধ ঘোষণা কৰিছে ৷ কিন্তু বহু লোকে খোৱা-বস্তু কিনাৰ নামত দোকানে-পোহাৰে অভাৱনীয় ভিৰৰ সৃষ্টি কৰিছে ৷ পৰিস্থিতি এনে হৈছে যে মহাৰাষ্ট্ৰ চৰকাৰে সেনা নিয়োগ কৰিবলৈ বাধ্য নকৰিবলৈ জনতাক হুংকাৰ দিছে ৷ এই হুংকাৰ দি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে কয়, “ বয়-বস্তু কিনাৰ নামত দোকান-পোহাৰত যেনেদৰে মানুহ গোট খাবলৈ ধৰিছে, সেয়া অতি উদ্বেগৰ বিষয় হৈ পৰিছে। মানুহে এই ভয়ংকৰ মহামাৰীৰ বিপদৰ বিষয়ে এতিয়াই বুজিবলৈ যত্ন কৰক। পৰিস্থিতি এনে হৈ থাকিলে আমি সেনা নিয়োগ কৰিবলৈ বাধ্য হ’ম। তাকে কৰিবলৈ আমাক বাধ্য নকৰিব”।

উল্লেখ্য যে আজি অসমতো এনে জটিল পৰিস্থিতিৰ সৃষ্টি হয়। সেয়েহে অসম চৰকাৰে অহা এক এপ্ৰিলকৈ খাদ্য-বস্তুৰ দোকান আৰু ফাৰ্মাচীৰ বাহিৰে আন দোকান খোলাত নিষেধাজ্ঞা আৰোপ কৰিছে। অসম চৰকাৰে আজি জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে অহা এক এপ্ৰিললৈ অসমত কেৱল খাদ্য-সামগ্ৰীৰ দোকানহে খোলা ৰখা হব। ইতিমধ্যে প্ৰশাসনে খাদ্য-সামগ্ৰীৰ দোকান খোলা ৰখাৰ নিৰ্দিষ্ট সময় বান্ধি দিছে। এই নিৰ্দিষ্ট সময়ৰ ভিতৰত খাদ্য-সামগ্ৰীৰ দোকানসমূহ দোকানীসকলে খোলা ৰাখিব পাৰিব। আনহাতে, অহা এক এপ্ৰিললৈ খাদ্য-সামগ্ৰী আৰু ফাৰ্মাচীসমূহক বাদ দি আন কোনো দোকান-পোহাৰ কোনেও খোলা ৰাখিব নোৱাৰিব।

উল্লেখ্য যে যোৱা মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না মহামাৰীৰ ৰোধ কৰিবলৈ দেশজোৰা এক ২১-দিনীয়া তলাবন্ধ ঘোষণা কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰে যদিও আজি অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই নতুন নিৰ্দেশনা জাৰি কৰিছে। আনহাতে, মাছ-মাংসৰ দোকানসমূহ মুকলি কৰাৰ ক্ষেত্ৰত অহা এক এপ্ৰিলৰ পাছতহে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। উক্ত দিনা পৰিস্থিতিৰ পুনৰীক্ষণ কৰিব চৰকাৰে। আনহাতে, দেশত ক’ৰ’না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি দেশত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা ৭০০ৰো অধিক হৈছে। তদুপৰি ১৭ জনৰো অধিকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত চৰকাৰৰ নিদ্ৰাহৰণ হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : অসমত এক এপ্ৰিললৈ কেৱল খাদ্য-সামগ্ৰীৰ দোকান মুকলি ৰখাৰ সিদ্ধান্ত

ভিডিঅ প্ৰতক্ষ্য কৰক: Hagrama Mohilary organizes a press-meet on Coronavirus situation and distribution of Rations

Next Story
চাকৰি