Begin typing your search above and press return to search.

অসমত এক এপ্ৰিললৈ কেৱল খাদ্য-সামগ্ৰীৰ দোকান মুকলি ৰখাৰ সিদ্ধান্ত

অসমত এক এপ্ৰিললৈ কেৱল খাদ্য-সামগ্ৰীৰ দোকান মুকলি ৰখাৰ সিদ্ধান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 March 2020 11:07 AM GMT

শাক-পাচলি বিক্ৰীৰ স্থানত হুলস্থুলীয়া পৰিৱেশঃঅসমত এক এপ্ৰিললৈ কেৱল খাদ্য-সামগ্ৰীৰ দোকান মুকলি ৰখাৰ সিদ্ধান্ত

ৰাজ্যৰ চৌদিশে একাংশ লোকে খাদ্য-বস্তু ক্ৰয়ৰ নামত বজাৰত সমবেত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ একাংশ লোকে বিয়পোৱা অপ-প্ৰচাৰত বিভ্ৰান্ত হৈ একাংশ সাধাৰণ লোক আৰু দোকানীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। এনে পৰিস্থিতি শুকুৰবাৰে গুৱাহাটীৰ গণেশগুৰিকে ধৰি আন কেইবাটাও স্থানত সৃষ্টি হয়।বহু স্থানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈও যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পূৰ্বে বান্ধি দিয়া সময় অনুসৰি কেৱল খাদ্য-সামগ্ৰী(grocery)ৰ দোকান খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক চৰকাৰী নিৰ্দেশনাত কোৱা হয় যে অহা এক এপ্ৰিললৈ অসমত কেৱল খাদ্য-সামগ্ৰীৰ দোকানহে খোলা ৰখা হব।

ইতিমধ্যে প্ৰশাসনে খাদ্য-সামগ্ৰীৰ দোকান খোলা ৰখাৰ নিৰ্দিষ্ট সময় বান্ধি দিছে। এই নিৰ্দিষ্ট সময়ৰ ভিতৰত খাদ্য-সামগ্ৰীৰ দোকানসমূহ দোকানীসকলে খোলা ৰাখিব পাৰিব। আনহাতে, অহা এক এপ্ৰিললৈ খাদ্য-সামগ্ৰী আৰু ফাৰ্মাচীসমূহক বাদ দি আন কোনো দোকান-পোহাৰ কোনেও খোলা ৰাখিব নোৱাৰিব। উল্লেখ্য যে যোৱা মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না মহামাৰীৰ ৰোধ কৰিবলৈ দেশজোৰা এক ২১-দিনীয়া তলাবন্ধ ঘোষণা কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰে যদিও আজি অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই নতুন নিৰ্দেশনা জাৰি কৰিছে।

আনহাতে, মাছ-মাংসৰ দোকানসমূহ মুকলি কৰাৰ ক্ষেত্ৰত অহা এক এপ্ৰিলৰ পাছতহে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। উক্ত দিনা পৰিস্থিতিৰ পুনৰীক্ষণ কৰিব চৰকাৰে। আনহাতে, দেশত ক’ৰ’না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি দেশত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা ৭০০ৰো অধিক হৈছে। তদুপৰি ১৭ জনৰো অধিকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত চৰকাৰৰ নিদ্ৰাহৰণ হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰনা মহামাৰীঃ যোৰহাটত ১,৩৮৭জনক গৃহ আছুতীয়াকৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক: Hagrama Mohilary organizes a press-meet on Coronavirus situation and distribution of Rations

Next Story
চাকৰি