ক’ৰনা মহামাৰীঃ যোৰহাটত ১,৩৮৭জনক গৃহ আছুতীয়াকৰণ

 ক’ৰনা মহামাৰীঃ যোৰহাটত ১,৩৮৭জনক গৃহ আছুতীয়াকৰণ

ক’ৰনা মহামাৰীঃ যোৰহাটত ১,৩৮৭জনক গৃহ আছুতীয়াকৰণ

ক’ৰনা মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য যোৰহাট জিলাত মুঠ ১,৩৮৭ জন লোকক গৃহ আছুতীয়াকৰণৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। এইসকল লোক বিগত কিছুদিনত বাছ অথবা ৰেল আৰু বিমানেৰে দেশ-বিদেশৰ বিভিন্ন স্থানৰ পৰা আহি জিলাখনত উপস্থিত হৈছে। এই কথা সদৰী কৰি জিলা উপায়ুক্ত ৰোস্নি অপৰাঞ্জী কোৰাটিয়ে জনোৱা মতে, এইসকল লোকৰ ৫৭জনে বিদেশৰ পৰা জিলাখনলৈ আহিছে। আনহাতে, জিলাখনত সম্ভাৱ্য ক’ৰনা মহামাৰীত আক্ৰান্তৰ বাবে প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জিলা উপায়ুক্তই জানিবলৈ দিছে।

তেওঁ জনোৱা মতে, ক’ৰনা মহামাৰীত আক্ৰান্তক চিকিত্সা প্ৰদানৰ উদ্দেশ্য যোৰহাট চিকিত্সা মহাবিদ্যালয় হাস্পতালত মুঠ ৫০ খন বিছনাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি সন্দেহযুক্ত ক’ৰনা মহামাৰীত আক্ৰান্তৰ বাবে প্ৰায় ১৪০খন বিছনা আৰু জৰুৰীকালীন(আই চি ইউ)ত ১২খন বিছনা ৰখা হৈছে। একেদৰে তিনিচুকীয়া আৰু হাইলাকান্দি জিলাত সহস্ৰাধিক লোকক গৃহ একাষৰীয়াকৰণ (কোৱাৰেণ্টাইন) কৰা হৈছে। প্ৰশাসনৰ তথ্য অনুসৰি তিনিচুকীয়া জিলাত মুঠ ৩৪৯জনক একাষৰীয়াকৰণ কৰা হৈছে। এই সন্দৰ্ভত জিলাখনৰ উপায়ুক্ত ভাস্কৰ পেগুৱে কয় যে যোৱা কিছুদিনত এইসকল ব্যক্তিয়ে ৰেল অথবা বিমানেৰে জিলাখনত প্ৰৱেশ কৰে।

উপায়ুক্ত পেগুৱে জনোৱা মতে, তিনিচুকীয়াত ক’ৰ’না মহামাৰীত আক্ৰান্তক ভৰ্তিৰ বাবে কল ইণ্ডিয়া হাস্পতাল(মাৰ্ঘেৰিটা), এ অ ডি হাস্পতাল(ডিগবৈ) আৰু জি এন বি হাস্পতালত ব্যৱস্থা কৰা হৈছে। ইপিনে, হাইলাকান্দিত ৭২১জন ব্যক্তিক গৃহ একাষৰীয়াকৰণ কৰা হৈছে। এই কথা সদৰী কৰি জিলা উপায়ুক্ত কাৰ্তি জলিলে কয় যে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য চৰকাৰে জাৰি কৰা সকলো নিৰ্দেশনা জিলা প্ৰশাসনে আখৰে আখৰে পালন কৰিব। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বান অনুসৰি মঙলবাৰে নিশা ১২বজাৰ পৰা সমগ্ৰ দেশত তলাবন্ধ পালন কৰা হৈছে। এই কাৰ্যসূচী ২১ দিনৰ বাবে অহা ১৪ এপ্ৰিললৈ সমগ্ৰ দেশত বলবত থাকিব। নিয়ম উলংঘাকাৰীক আইন অনুসৰি শাস্তি প্ৰদান কৰা হব বুলি প্ৰধানমন্ত্ৰীয়ে সতৰ্ক কৰি দিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com