Begin typing your search above and press return to search.

গুৱাহাটীৰ সাতটা স্থানত শাক-পাচলি বিক্ৰী কৰিছে খাদ্য-বিতৰণ বিভাগে

গুৱাহাটীৰ সাতটা স্থানত শাক-পাচলি বিক্ৰী কৰিছে খাদ্য-বিতৰণ বিভাগে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 March 2020 7:44 AM GMT

গুৱাহাটীৰ সাতটা স্থানত শাক-পাচলি বিক্ৰী কৰিছে খাদ্য-বিতৰণ বিভাগে

গুৱাহাটীৰ সাতটা স্থানত আজি শুকুৰবাৰৰ পৰা ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰাইজৰ মাজত নিজা গাড়ীৰে শাক-পাচলি বিক্ৰী কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি এই সাতটা স্থান আৰু সংশ্লিষ্ট গাড়ীসমূহৰ নম্বৰ হ’লঃ ছয়মাইল (এ এছ-১৮এ চি-২১৮৬), উলুবাৰী (এ এছ ১৮ এ চি-২২৪৮), গণেশগুৰি (এ এছ-১৯চি-৮৪৬৫), ফাঁচীবজাৰ ( এ এছ-১৮এ চি-১১৭৯), নাৰেংগী (এ এছ-১৮চি-৯৩০৬), মালিগাঁও(এ এছ-১৯চি-৪৭৯৪)আৰু শিলপুখুৰী(এ এছ-১৯চি-৯৬৭৯). ক’ৰনা মহামাৰীৰ ক্ষেত্ৰত পালন কৰিবলগীয়া সাৱধানতা অনুসৰি এই শাক-পাচলি বিক্ৰী কৰা হব বুলি খাদ্য আৰু অসামৰিক যোগান বিভাগে প্ৰকাশ কৰিছে। উল্লেখ্য যে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয়কৃষ্ণই অলপতে গুৱাহাটীত এখন সংবাদমেলত কয় যে ৰাজ্যত পৰ্যাপ্ত পৰিমাণত খাদ্য-বস্তুৰ যোগান মজুত আছে।

গতিকে এই ২১-দিনীয়া তলাবন্ধৰ সময়ত ৰাইজক আতংকিত নহবলৈ তেওঁ আহ্বান জনায়। সংবাদমেলত মুখ্য সচিবে কয়, "আমাৰ ওচৰত তিনি মাহৰ বাবে ৩,০৯,০০০ মেট্ৰিক টন চাউল মজুত আছে। ইয়াৰ উপৰি ১০,০০০ মেট্ৰিক টন এন এ এফ ই ডিৰ পৰা সৰবৰাহ কৰাৰ যো-জা চলোৱা হৈছে । লগতে আমাৰ ওচৰত ৫,০০০ মেট্ৰিক টন চেনিও আছে । ইতিমধ্যে বুধবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ১২ খন ৰেল তিনিচুকীয়া আহি পাইছে।"

আনহাতে, কালি কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে খাদ্য-বস্তুৰ দোকানসমূহ খোলা ৰখাৰ সময় বান্ধি দিছে। জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বজিত পেগুৱে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে কামৰূপ(মহানগৰ)জিলাত খাদ্য-বস্তুৰ পাইকাৰী দোকানসমূহ পুৱা আঠ বজাৰ পৰা বিয়লি চাৰি বজালৈ খোলা ৰাখিব পাৰিব। আনহাতে, সুলভ মূল্যৰ সামগ্ৰীৰ দোকানকে ধৰি খুচুৰা বিক্ৰেতাসকলে পুৱা ন-বজাৰ পৰা সন্ধিয়া ছয়বজালৈ দোকান খোলা ৰাখিব পাৰিব। এই নিৰ্দেশ আজি ২৬ মাৰ্চৰ পৰা সমগ্ৰ জিলাখনত বলবত হৈছে। ইপিনে, দোকানলৈ অহা লোকসকলে যাতে শাৰীৰিক দূৰত্ব বজাই ৰাখে, সেয়া সংশ্লিষ্ট দোকানীক নিশ্চিত কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিছে।

অন্য খবৰৰ বাবে পঢ়ক : শিক্ষাৰ্থী চিকিৎসক-নাৰ্ছক প্ৰশিক্ষণ দিব অসম চৰকাৰে সাহায্য বিচাৰি ৰাইজলৈ আবেদন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Hagrama Mohilary organizes a press-meet on Coronavirus situation and distribution of Rations

Next Story
চাকৰি