Begin typing your search above and press return to search.

শিক্ষাৰ্থী চিকিৎসক-নাৰ্ছক প্ৰশিক্ষণ দিব অসম চৰকাৰে সাহায্য বিচাৰি ৰাইজলৈ আবেদন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

শিক্ষাৰ্থী চিকিৎসক-নাৰ্ছক প্ৰশিক্ষণ দিব অসম চৰকাৰে সাহায্য বিচাৰি ৰাইজলৈ আবেদন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 March 2020 6:41 AM GMT

ক’ৱিড-১৯ৰ বিৰুদ্ধে মহাযুদ্ধঃ শিক্ষাৰ্থী চিকিৎসক-নাৰ্ছক প্ৰশিক্ষণ দিব অসম চৰকাৰে সাহায্য বিচাৰি ৰাইজলৈ আবেদন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

ক’ৰ’না ভাইৰাছবিৰোধী মহাযুদ্ধখন সফল কৰি তোলাৰ উদ্দেশ্য ৰাজ্য চৰকাৰে এম বি বি এছৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত সাতশ ছাত্ৰ-ছাত্ৰী আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত দুহেজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদানৰ আঁচনি লৈছে। ইয়াৰ জড়িয়তে সম্ভাৱ্য ক’ৰ’না মহামাৰীত আক্ৰান্তক চিকিত্সাৰ সময়ত যাতে চিকিত্সক-নাৰ্ছৰ অভাৱ দূৰ কৰিব বিচৰা হৈছে। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদিও অসমত বৰ্তমানলৈকে কোনো ক’ৰ’না ভাইৰাছ আক্ৰান্ত ধৰা পৰা নাই। কিন্তু সম্ভাৱ্য মোকাবিলা কৰাৰ উদ্দেশ্য চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি অনুসৰি অসম চৰকাৰে নগৰ-চহৰসমূহত ১০০০ খন বিচনাযুক্ত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ এটা কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হ'ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আৰু আনটো নেহৰু ষ্টেডিয়ামত। বুধবাৰে মহানগৰীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা প্ৰস্তুতিৰ চোৱা-চিতা কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই এই কথা ঘোষণা কৰে।

লগতে তেওঁ কয় "আমি সম্প্ৰতি দুটা পৰ্যায়ত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে কাম কৰি আছো। প্ৰথমটো হ'ল সামাজিক দূৰত্ব বজাই ৰখা । এই ভাইৰাছৰ বিৰুদ্ধে জনতাক সজাগ কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে"।

দ্বিতীয়টো পৰ্যায়ত চিকিৎসা ব্যৱস্থাৰ বুনিয়াদী বিকাশত গুৰুত্ব আৰোপ কৰা হৈছে। এই উদ্দেশ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে অতিৰিক্ত ৩০ টা জৰুৰীকালীন কক্ষ (আই চি ইউ)ৰ ব্যৱস্থা কৰা হৈছে। আনহাতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ক’ৰ’না ৰোগীৰ চিকিৎসাৰ বাবে ১৫০ বিছনাৰ ব্যৱস্থা কৰা হৈছে।আনহাতে, তেওঁ আৰ্থিক সাহায্য বিচাৰি সমৰ্থবানসকললৈ অনুৰোধ জনাইছে।

ইচ্ছ্যুক ব্যক্তিয়ে অসম আৰোগ্য নিধিৰ একাউন্টত সাহায্যৰ ধন জমা দিব পাৰিব। এই ধন Assam Arogya Nidhi, A/c No. 32124810101, SBI, IFSC Code: SBIN0010755ত জমা কৰিব পাৰিব।

অন্য খবৰৰ বাবে পঢ়ক : কৱিড-১৯ৰ বিৰুদ্ধে মহাযুদ্ধঃ সাহায্য বিচাৰি ৰাইজলৈ আবেদন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Hagrama Mohilary organizes a press-meet on Coronavirus situation and distribution of Rations

Next Story
চাকৰি