কৱিড-১৯ৰ বিৰুদ্ধে মহাযুদ্ধঃ সাহায্য বিচাৰি ৰাইজলৈ আবেদন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

কৱিড-১৯ৰ বিৰুদ্ধে মহাযুদ্ধঃ সাহায্য বিচাৰি ৰাইজলৈ আবেদন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

কৱিড-১৯ৰ বিৰুদ্ধে মহাযুদ্ধঃ সাহায্য বিচাৰি ৰাইজলৈ আবেদন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সাহায্য বিচাৰি সমৰ্থবানসকললৈ আবেদন জনাইছে ৷ এই ভাইৰাছে সৃষ্টি কৰা বিশ্বজোৰা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে ২১দিনীয়া দেশজোৰা তলাবন্ধ ঘোষণা কৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়-বাণিজ্যৰ কাম একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৷ ফলত দেশৰ আৰ্থিক অৱস্থা একপ্ৰকাৰ জটিল হৈ উঠিছে ৷ এনে পৰিস্থিতিত যাতে দৰিদ্ৰ আৰু নিম্ন আয়ৰ লোকসকলে ধনৰ অভাৱত অনাহাৰে থাকিব লগীয়া নহয়, তাৰ বাবে এইসকল লোকলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা বিবেচনা কৰিছে ৷

এই উদ্দেশ্যে ৰাইজৰ পৰা চৰকাৰে আৰ্থিক অনুদান বিচাৰিছে ৷ বৃহস্পতিবাৰে এটা টুইটযোগে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অনুৰোধ জনায় ৷ ইচ্ছ্যুক ব্যক্তিয়ে অসম আৰোগ্য নিধিৰ একাউন্টত সাহায্যৰ ধন জমা দিব পাৰিব। এই ধন Assam Arogya Nidhi, A/c No. 32124810101, SBI, IFSC Code: SBIN0010755ত জমা কৰিব পাৰিব। উল্লেখ্য যে বিধানসভাত অলপতে প্ৰকাশ কৰা তথ্যত বিত্তমন্ত্ৰী শৰ্মাই কয়, “যদি ক’ৰ’না ভাইৰাছ সৃষ্ট পৰিস্থিতি সীমিত সময়ৰ ভিতৰতে নিয়ন্ত্ৰণাধীন নহয় তেন্তে ভৱিষ্যৎ কি হ’ব মই ক’ব নোৱাৰোঁ ৷" লগতে তেওঁ সম্ভাৱ্য জটিল আৰ্থিক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰো ইংগিত দিয়ে ৷ পৰিস্থিতি অধিক শোচনীয় হৈ উঠিলে বিধায়কসকললৈ আগন্তুক বিত্তীয় বৰ্ষত আগবঢ়োৱা পুঁজিৰ পৰিমাণ কৰ্তন কৰা হ’ব ৷

ৰাজ্যৰ আৰ্থিক পৰিস্থিতি ইতিমধ্যে জটিল হৈ উঠাৰ ইংগিত দি তেওঁ লগতে কয়, “ চাহ উদ্যোগ সংকটৰ মাজেৰে পাৰ হৈছে ৷ পৰ্যটন উদ্যোগৰ অৱস্থাও শোচনীয় ৷ আগন্তুক দিনসমূহ দিন মজুৰি কৰা শ্ৰমিক আৰু চাহ-শ্ৰমিকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব লাগিব ৷" ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত পুঁজি নাই বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে অহা এপ্ৰিলত কেন্দ্ৰৰ পৰাও পুঁজি লাভৰ সম্ভাৱনা ক্ষীণ ৷ ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশব্যাপি তলাবন্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত জৰুৰী সেৱাৰ কৰ্মীসকলৰ বাহিৰে আন লোকক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মঙলবাৰে কয়, “ মই হাত যোৰ কৰি আপোনালোকক অনুৰোধ জনাইছো আপোনালোক এই ২১ দিনৰ বাবে ঘৰৰ পৰা নোলাব’।এই দীৰ্ঘদিনজোৰা তলাবন্ধৰ ফলত দেশ ক্ষতিৰ সন্মুখীন হ’ব যদিও জনতাৰ প্ৰাণৰক্ষা বাবে এনে কাৰ্যসূচী ঘোষণাৰ গত্যন্তৰ নাই বুলি ভাষণত মোদীয়ে ইংগিত দিয়ে। উল্লেখ্য যে ভাৰতত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৭০০ জনতকৈও অধিক হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com