Begin typing your search above and press return to search.

বড়ো লোকসংগীতৰ ১৫ দিনীয়া কৰ্মশালা

বড়ো লোকসংগীতৰ ১৫ দিনীয়া কৰ্মশালা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2019 12:32 PM GMT

বড়ো লোকসংগীতৰ ১৫ দিনীয়া কৰ্মশালা । অসমৰ বহু সংস্কৃতি এতিয়া বিলুপ্তিৰ পথত। তাৰ ওপৰত সংগতি ৰাখিয়েই বহুতে নিজৰ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত বিভিন্ন পন্হা হাতত লৈ আহিছে । বড়ো সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত তামুলপুৰ ত অনুষ্ঠিত হৈছে কৰ্মশালা। বড়ো লোকসংগীত আৰু বড়ো গীতৰ বাদ্য যন্ত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তামুলপুৰ ত অনুষ্ঠিত হয় ১৫ দিনীয়া কৰ্মশালা ।

মুখ্যমন্ত্ৰী ৰ টোটেল ৰুৰেল ডেভেলপমেন্ট যোজনা ( Total rural development yojona ) ৰ সহযোগত নৱজাগৰণৰ অভিযান ছোচিইটি ( Nabajagaran abhiyan society ) আৰু তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰ ( Tamulpur cultural center) ৰ উদ্যোগত তামুলপুৰ হাৰিমু আফাদ অফিচ ( Harimu afad office ) ত এই ১৫ দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰে ।

এই সভা খনৰ শুভাৰম্ভ কৰে তামুলপুৰ জিলা সাহিত্য সভাৰ উপ অধ্যক্ষ হৰেন্দ্ৰ নাথ বড়োয়ে । এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বন্তি প্ৰজ্বলন ৰ জৰিয়তে। অনুষ্ঠানটোৰ শুভাৰম্ভণি ৰ পিছত এখন সভা সঞ্চালন কৰে স্হানীয় সাংস্কৃতিক কৰ্মী ৰামেশ্বৰ ব্ৰহ্ম ই । টামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক বিকাশৰ অফিচাৰ যুগান্ত বয়ানে সভা খনত সম্বোধন কৰি কয় যে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ বিভিন্ন ধৰণৰ লোকসংগীত ৰক্ষাৰ স্বাৰ্থত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। লগে বিভিন্ন সংস্কৃতি আৰু সম্প্ৰদায়ৰ লোক সংস্কৃতিৰ লগতে এই অনুষ্ঠানটো ও তেওঁৰ পৰিকল্পনা ৰ অংশ হয় ।

এই কৰ্মশালাত সমগ্ৰ তামুলপুৰ ৰ কমেও ৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ।

তাৰোপৰি আন এক কৰ্মশালা অনুষ্ঠিত হয় লাওপাৰা জনকল্যান পুথিভঁৰাল ত। ১৫ দিনীয়া লোকগীত আৰু বনগীত ৰ কাৰ্মশালা‌ লাওপাৰা জনকল্যান পুথিভঁৰাল ত ১৪ চেপ্তেম্বৰ ৰ পৰা অনুষ্ঠিত হয় । এই সভা উদ্বোধন কৰে স্হানীয় সাংস্কৃতিক কৰ্মী শচীন হালৈয়ে ।

অধিক খবৰৰ বাবে পঢ়ক: আৰক্ষী -‌ জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি ৰ বাবে সৰুপথাৰত ভাওনা বৰসভা অনুষ্ঠান

ভিডিঅ প্ৰতক্ষ্য কৰক:Minority Scholarship Scam Busted in Nagaon, One Arrested | The Sentinel News | Assam News

Next Story
চাকৰি