Begin typing your search above and press return to search.

গণিত বিষয়ত সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম স্থান পালে ভাৰতৰ প্ৰাঞ্জলে

গণিত বিষয়ত সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম স্থান পালে ভাৰতৰ প্ৰাঞ্জলে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2019 10:44 AM GMT

গণিত বিষয়ত সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম স্থান পালে ভাৰতৰ প্ৰাঞ্জলে ।বেংগালুৰুৰ নিৱাসী প্ৰাঞ্জল শ্ৰী বাস্তৱ নামৰ ১৫ বছৰীয়া যুৱক জনে পৃথিৱীৰ সবাতোকৈ কঠিন বুলি জনা পৰীক্ষা আন্তৰাষ্ট্ৰীয় গণিত অলিংপিয়াত জয় লাভ কৰে । সাত বছৰ পিছত যুৱক জনে আন্তঃৰাষ্ট্ৰীয় গণিত অলিংপিয়াত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে প্ৰাঞ্জলে তৃতীয় শ্ৰেণীৰ পৰাই গণিতৰ প্ৰতিযোগিতাত ভাগ লৈ আহিছে ।‌

তাৰোপৰি প্ৰাঞ্জলে দ্বিতীয় বাৰৰ বাবে প্ৰয়াস কৰি আই এম এত সোণৰ পদক অৰ্জন কৰে। ব্ৰিটেইনত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা সকলোতকৈ কম বয়সীয়া প্ৰতিযোগী ।তাৰোপৰি বিগত বৰ্ষত প্ৰাঞ্জলে লাভ কৰিছিল ৰজত বঁটা। জানিব পৰা মতে সৰুৰে পৰা গণিত বিষয়ত ধাউতি আছিল প্ৰাঞ্জলৰ । প্ৰাঞ্জলৰ পিতৃ মাতৃ দুয়োয়ে আই টি প্ৰফেচনেল হয় । প্ৰাঞ্জলৰ পিতৃ আসিষ কুমাৰ শ্ৰী বাস্তৱৰ মতে যেতিয়াই তেওঁ বিদেশলৈ যায় তেতিয়াই তাৰ পৰা বিভিন্ন‌ ধৰনৰ কিতাপ কিনি আনে আৰু তেতিয়াই গনিত বিষয়ৰ প্ৰতি আকৰ্ষিত হৈছিল প্ৰাঞ্জল।‌

সোণৰ পদক প্ৰাপ্ত প্ৰাঞ্জলে কয় যে তেওঁ কিছুমান বিষয় যেনে জ্যামিতি আদিৰ ওপৰত অধিক কষ্ট কৰিছিল । যেতিয়াই অৱসৰৰ সময় পাইছিল তেতিয়াই তেওঁ গণিতৰ জটিল সমস্যা সমূহ সমাধানৰ বাবে চেষ্টা কৰিছিল। তাৰোপৰি প্ৰাঞ্জলে অন্য কোনো প্ৰতিযোগিতাত যোগদান কৰা নাছিল। তেওঁ কেৱল গণিত বিষয়টোতে অধিক গুৰুত্ব দিছিল আৰু সফলতাও অৰ্জন কৰিছিল।‌

ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ গণিতৰ পৰীক্ষাত প্ৰাঞ্জলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।‌গণিত বিষয়টোৰ উপৰিও প্ৰাঞ্জলৰ সংগীতটো অধিক উৎসাহ আছে । প্ৰাঞ্জলে পিয়ানো আৰু গ্ৰাম ভালদৰে বজাব জানে । তাৰোপৰি প্ৰাঞ্জলৰ পিতৃয়ে কয় যে সংগীত আৰু গণিত বাছনি কৰাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰাঞ্জলৰ ওপৰত কোনো ধৰনৰ জোৰ দিয়া নাই ।

পিতৃৰ মতে সফলতা তেতিয়াহে লাভ কৰিব পাৰি যেতিয়া নিজৰ ইচ্ছামতে কাম কৰিব পাৰি । কোনোবা এটা বিষয়ৰ প্ৰতি থকা উৎসাহে কোনো লোকক আগবঢ়াত সহায় কৰে ।‌ তাৰোপৰি তেওঁ কয় যে অলিংপিয়াড প্ৰতিযোগিতা খনে প্ৰাঞ্জলক গণিত বিষয়ৰ লগত জড়িত আন লোক সকলক লগ পোৱাৰ সহায় কৰিছে ।

বহুতো পদকেৰে সন্মানিত প্ৰাঞ্জলে গণিত অথবা কম্পিউটাৰ চায়েন্সত নিজৰ ভৱিষ্যত গঢ়িব বিচাৰে । তাৰোপৰি প্ৰাঞ্জলে ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স অথবা আমেৰিকাৰ মৈচাচুটেচ ইনষ্টিটিউত অফ টেকনলজিৰ পৰা উচ্চ শিক্ষা লাভ কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক:টিকটকে মুকলি কৰিলে নতুন স্মাৰ্ট ফোন, লগতে আছে ১২ জিবি ৰেম

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Next Story
চাকৰি