Begin typing your search above and press return to search.

টিকটকে মুকলি কৰিলে নতুন স্মাৰ্ট ফোন, লগতে আছে ১২ জিবি ৰেম

টিকটকে মুকলি কৰিলে নতুন স্মাৰ্ট ফোন, লগতে আছে ১২ জিবি ৰেম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2019 9:33 AM GMT

টিকটকে মুকলি কৰিলে নতুন স্মাৰ্ট ফোন, লগতে আছে ১২ জিবি ৰেম ।টিকটক নামৰ এপটোৱে অতি কম সময়তে যথেষ্ট খিনি‌ জনপ্ৰিয়তা অৰ্জন কৰিছে । লগতে এতিয়া টিকটক এপটোৱে ফেচবুকটো স্থান অধিকাৰ কৰিছে । ভাৰতবৰ্ষৰ প্ৰায় ১২০ মিলিয়ন মানুহে টিকটক ব্যৱহাৰ কৰে । এই এপটো চীনৰ বাইটডেঞ্চ (Bytedance )নামৰ ইন্টাৰনেটত কোম্পানীটোৰ হয় । এই কোম্পানীটোৱে সদ্যহতে এটা‌ স্মাৰ্ট ফোন মুকলি কৰে।‌ এই কোম্পানীটোৱে স্মাৰ্টাচন (smartisan ) নামৰ ব্ৰেণ্ডৰ সহায়ত এই ফোনটো মুকলি কৰে । এই স্মাৰ্ট ফোনটোৰ নাম হ'ল Smartisan Jianguo Pro 3 ।

টিকটকৰ এই নতুন স্মাৰ্টফোনটোত Qualcomm ৰ ফ্লেগচিপ প্ৰচেচৰ দিয়া হৈছে লগতে । Qualcomm Snapdragon 855 Plus দিয়া হৈছে । টিকটকৰ এই নতুন স্মাৰ্টফোনত ১২ জিবি ৰেম আৰু ২৫৬ জিবি ইন্টাৰনেল ষ্টোৰেজ দিয়া হৈছে । তাৰোপৰি ফোনটোত আছে ৪ তাকৈ কেমেৰা ।

Smartisan Jianguo Pro 3 নামৰ ফোনটোত ৬.৩৯ ইঞ্চিৰ ফুল এইচ বি দিচপ্লে দিয়া হৈছে । তাৰোপৰি এই স্মাৰ্ট ফোনত চেলফি কেমেৰাও সংযোজন আছে ।

এই স্মাৰ্ট ফোনৰ কেমেৰা ক্ৰমে ৪৮, ১৩,৮,৫ মেগাপাক্সেলৰ হয় ।তাৰোপৰি এই স্মাৰ্ট ফোনটোৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ২৯,০০০ ৰ পৰা আৰম্ভ হ'ব । তাৰোপৰি এই স্মাৰ্ট ফোনটো ভাৰতত মুকলি হ'ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

অন্য খবৰৰ বাবে পঢ়ক: চাঞ্চল্যকৰ আৰু ঘৃণনীয় কাণ্ড:পিতৃৰ হাতত ধৰ্ষণ হ’ল কন্যা

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Next Story
চাকৰি