Begin typing your search above and press return to search.

দুৰ্গা পূজাৰ পিছতেই পোহৰলৈ আহিছে পথ দুৰ্ঘটনাৰ সংখ্যা

দুৰ্গা পূজাৰ পিছতেই পোহৰলৈ আহিছে পথ দুৰ্ঘটনাৰ সংখ্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2019 8:58 AM GMT

দুৰ্গা পূজা সমাপ্ত হোৱাৰ লগে লগে পোহৰলৈ আহিছে ৰাজ্যত এইকেইদিনত সংঘটিত হোৱা দূৰ্ঘটনাৰ সংখ্যা ৷বিগত বৰ্ষৰ দৰে এইবাৰৰ দুৰ্গা পূজাতো দুৰ্ঘটনা সংখ্যা বৃদ্ধি পাইছে ।এক বিশেস সূত্ৰৰ মতে চলিত বৰ্ষত ৮ অক্টোবৰ অৰ্থাৎ দুৰ্গা পূজা দশমীৰ দিনা ৰাজ্যত ১৫৬ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই দুৰ্ঘটনাসমূহত সহায় কৰিছে ১০৮ মৃত্যুঞ্জয় সেৱাই।

ইফালে কামৰূপ জিলা ১৯ টা পথ দুৰ্ঘটনাৰে সকলোতকৈ শীৰ্ষত আছে। ১৩ টা পথ দুৰ্ঘটনাৰ দ্বিতীয় স্থানত আছে গোলাঘাট আৰু ১২ টা দুৰ্ঘটনাৰে তৃতীয় স্থানত আছে মৰিগাঁও। ইয়াৰ বিপৰীতে নগাঁৱত ১১ টা,কামৰূপ মেট্ট আৰু শোনিতপুৰত ১০ টা,ধেমাজী,ডিব্ৰুগড় আৰু উদালগুৰিত ৮ টা,বৰপেটাত ৭ টা,বঙাইগাঁৱত ৬ টা,বাক্সা,চিৰাং,লক্ষীমপুৰ আৰু হাইলাকান্দিত পাঁচটা,শিৱসাগৰ আৰু যোৰহাটত ৪ টা,কোকৰাঝাৰ, কৰিমগঞ্জ আৰু ধুবুৰীত ৩ টা,দৰং আৰু নলবাৰীত ২ টা,মাজুলী,কাছাৰ আৰু ডিমাহাচাওত ১ টাকৈ দূৰ্ঘটনা সংঘটিত হৈছে। গতিকে এই সকলো তথ্যৰ পৰা দেখা গ’লে পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ সকলোতকৈ শীৰ্ষত আছে।উল্লেখ্য যে দুৰ্গা পূজাৰ চাৰিদিনত প্ৰায় ৬৩৮ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷

উৎস অনুসৰি ২০১৯ ৰ ৫ অক্টোবৰ তাৰিখে দেশৰ বিভিন্ন ঠাইত জৰুৰীকালীন সেৱা মৃত্যুঞ্জয় ১০৮ এ সেৱা আগবঢ়োৱা অনুসৰি সংঘটিত হৈছে ১২১ টা পথ দুৰ্ঘটনা । অক্টোবৰ ৫ তাৰিখে সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত উচ্চ স্থানত আছে কামৰূপ জিলা । কামৰূপ জিলাত সংঘটিত হৈছে ১৮ টা পথ দুৰ্ঘটনা । দ্বিতীয়তে আছে শিৱসাগৰ জিলা । শিৱসাগৰ জিলাত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা হ'ল ১৪ টা আৰু তৃতীয় স্থানত আছে নগাঁও জিলা। নগাঁও জিলাত সংঘটিত হয় ৯ টা পথ দুৰ্ঘটনা।

অক্টোবৰ ৬ তাৰিখে দেশত সংঘটিত হয় ১৯৮ টা পথ দুৰ্ঘটনা । ৬ অক্টোবৰ তাৰিখেও উচ্চ স্থানত থাকে কামৰূপ জিলা । ৬ অক্টোবৰ তাৰিখে কামৰূপ জিলাত সংঘটিত হয় ২৪ টা পথ দুৰ্ঘটনা, । দ্বিতীয় স্থানত থাকে দৰং জিলা । দৰং জিলাত সংঘটিত হয় ১৬ টা পথ দুৰ্ঘটনা আৰু শোণিতপুৰ জিলা আৰু যোৰহাট জিলা থাকে তৃতীয় স্থানত । শোনিতপুৰ আৰু যোৰহাট জিলাত সংঘটিত হয় ১৫ টা পথ দুৰ্ঘটনা।

অক্টোবৰ ৭ তাৰিখ অৰ্থাৎ নৱমীৰ দিনা সংঘটিত হয় কমেও ১৬৩ টা পথ দুৰ্ঘটনা। ৭ তাৰিখেও কামৰূপ জিলা ব্যতিক্ৰম নহয় । পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত নৱমীৰ দিনাও কামৰূপ জিলা থাকে উচ্চ স্থানত ।৭ তাৰিখে কামৰূপ জিলাত সংঘটিত হয় ২৪ টা পথ দুৰ্ঘটনা। ১৭ টা পথ দুৰ্ঘটনাৰে নগাঁও জিলা থাকে দ্বিতীয় স্থানত আৰু তৃতীয় স্থানত থাকে দৰং জিলা। ৭ তাৰিখে দৰং জিলাত সংঘটিত হয় ১৫ টা পথ দুৰ্ঘটনা।

অন্য খবৰৰ বাবে পঢ়ক: দুৰ্গা পূজা ৰ কাৰণে বিদ্যুত বিভাগৰ দিশ নিৰ্দেশ

ভিডিঅ প্ৰতক্ষ্য কৰক:Danger Alarm: Rise in water level by 10 cm per hour due to Pipeline Burst in Dima Hasao

Next Story
চাকৰি