এক চাঞ্চল্যকৰ ঘটনা: নৱজাতক জীৱিত অৱস্থাত জ্বলোৱাৰ প্ৰচেষ্টা ককাক আৰু খুড়াকৰ

এক চাঞ্চল্যকৰ ঘটনা: নৱজাতক জীৱিত অৱস্থাত জ্বলোৱাৰ প্ৰচেষ্টা ককাক আৰু খুড়াকৰ

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হায়দৰাবাদত ৷ ঘটনা অনুসৰি দুজন লোকে এটি নৱজাত শিশুক জীৱিত অৱস্থাত পুতিবলৈ চেষ্টা কৰিছিল ৷শুক্ৰবাৰে নৱজাত শিশুটিক জীৱিত অৱস্থাত পুতিবলৈ লওঁতেই লোক দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ অৱশ্যে শিশুটিক পুতিবলৈ লোৱা লোক দুজনে দাবী কৰে যে, তেওঁলোক শিশুটি জীৱিত আছিল বুলি জ্ঞাত নাছিল ।

ইফালে আপুনি আচৰিত হ’ব যে নৱজাত শিশুটিক পুতিবলৈ লোৱা লোক দুজন শিশুটিৰ সম্পৰ্কীয় খুড়াক আৰু ককাক বুলি জানিব পৰা গৈছে। দুয়োজনৰ লোকৰ মত অনুসৰি তেওঁলোকে ভাবিছিল যে শিশুটিৰ মৃত্যু হৈছে ৷ গতিকে মৃত শিশুটিক পুতিবলৈ মুকলি ঠাই বিচাৰি আছিল। আনহাতে শিশুটিৰ খুড়াক আৰু দদায়েকৰ মত অনুসৰি শিশুটি জন্মগত ভাৱে এক ৰোগত আক্ৰান্ত হৈ জন্ম হৈছিল । আৰু চিকিৎসকৰ মত অনুসৰি শিশুটিৰ এক অস্ত্ৰোপ্ৰচাৰৰ আৱশ্যকতা আছিল।

ইয়াৰ পিছতেই শিশুটিক কৰীমনগৰলৈ লৈ যোৱাৰ সময়তে তেওঁলোকে অনুভৱ কৰে যে শিশুটিৰ দেহত কোনো উশাহ নিশাহৰ অস্তিত্ব নাই ৷আৰু শিশুটিৰ মৃত্যু হোৱা বুলি ভাবি পুতিবলৈ ঠাই বিচাৰে লোক দুজনে ৷ আনহাতে সেই সময়তে হাতত এটা বেগ লৈ দুজন লোকক প্ৰত্যক্ষ কৰে এজন অ’টো চালকে ৷

ইয়াৰ পিছত এই খবৰ অ’টো চালকজনে এজন আৰক্ষীক দিয়ে ৷ আৰক্ষীয়ে মত অনুসৰি এটি বাছ আস্থানত হাতত এটা বেগ লৈ দুজন লোকক প্ৰত্যক্ষ কৰে অ’টো চালকে ৷ আৰু এই সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ ইফালে ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে ঘটনা স্থলীত উপস্থিত হয় আৰক্ষী ৷আৰু যাৱতীয় তদন্তৰ অন্তত দুজন লোকৰ বেগত উদ্ধাৰ কৰে নৱজাত শিশুটি।লগতে মৃত বুলি পুতিবলৈ অনা শিশুটি আছিল জীৱিত।

অৱশ্য এই ঘটনা সন্দৰ্ভত কোনো গোচৰ দাখিল কৰা নাই স্থানীয় আৰক্ষী থানাত ৷ লগতে সচাঁকৈয়ে শিশুটি জীৱিত থকাৰ বিষয়ে লোক দুজন জ্ঞাত আছিল নে নাছিল সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ কিন্তু ঘটনা যিয়েই নহওঁক জীৱিত অৱস্থাত পুতিবলৈ লোৱাৰ ঘটনাই জোঁকাৰি গৈছে প্ৰত্যেকজন লোকৰ হৃদয় ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: BTAD Army Football League 2019-2020

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com