ক'ৰ'না মহামাৰীৰ ভয়াবহ ৰূপ: দেশত দুসপ্তাহ বৃদ্ধি হ'ল লকডাউন !

 ক'ৰ'না মহামাৰীৰ ভয়াবহ ৰূপ: দেশত দুসপ্তাহ বৃদ্ধি হ'ল লকডাউন !
Published on

ক'ৰ'না মহামাৰীৰ ভয়াবহ ৰূপ: দেশত দুসপ্তাহ বৃদ্ধি হ'ল লকডাউন !

ক’ৰ’না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাব: দুসপ্তাহ বৃদ্ধি হ'ল লকডাউন !। ১৪ তাৰিখলৈ হ'ব লগীয়া লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে । ১৪ এপ্ৰিলৰ পৰা ২ সপ্তাহ অৰ্থাৎ ৩০ এপ্ৰিল পৰ্যন্ত হ'ব দেশত লক-ডাউন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ এই বৈঠকৰ পাছতেই এই সিদ্ধান্ত লোৱা হয়। তদুপৰি এই লকডাউনৰ সময়সীমা বৃদ্ধিৰ খবৰ আনুষ্ঠানিক ভাৱে শীঘ্ৰেই ঘোষণা কৰাৰ সম্ভাৱনা আছে।

এই সন্দৰ্ভত স্পষ্ট ইংগিত দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় য, ‘প্ৰধানমন্ত্ৰীয়ে ল’ক ডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতবৰ্ষৰ অৱস্থা বৰ্তমান বহু উন্নয়নশীল দেশতকৈ সুস্থিৰ কাৰণ আমি সোনকালেই ল’ক ডাউন ঘোষণা কৰিলো।’

ইতিমধ্যে উৰিষ্যা আৰু পঞ্জাৱত ৩০ এপ্ৰিললৈ লকডাউন ঘোষণা কৰা হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com