Begin typing your search above and press return to search.

 ল’ক ডাউন অবিহনে ভাৰতত আঠ লক্ষাধিক হ’লহেতেঁন ক’ৱিড আক্ৰান্তঃ বৈদেশিক মন্ত্ৰালয়

 ল’ক ডাউন অবিহনে ভাৰতত আঠ লক্ষাধিক হ’লহেতেঁন ক’ৱিড আক্ৰান্তঃ বৈদেশিক মন্ত্ৰালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 April 2020 8:27 AM GMT

ল’ক ডাউন অবিহনে ভাৰতত আঠ লক্ষাধিক হ’লহেতেঁন ক’ৱিড আক্ৰান্তঃ বৈদেশিক মন্ত্ৰালয়

বৰ্তমানে চলি থকা দেশজোৰা তলাবন্ধ (ল’কডাউন) অবিহনে দেশত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা আঠ লক্ষাধিক হ’লহেতেঁন ৷ শেহতীয়াভাবে এই তথ্য প্ৰকাশ কৰিছে দেশৰ বৈদেশিক মন্ত্ৰ্যালয়ে ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)-ৰ এক প্ৰতিবেদনৰ তথ্যৰ উদ্ধৃতি দি বৈদেশিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীয়ে যোৱা ২৪মাৰ্চত ২১দিনীয়া দেশজোৰা তলাবন্ধ অবিহনে দেশত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’লহেতেঁন ৷ “চলিত ২১দিনীয়া তলাবন্ধ ঘোষণা দেশত আঠ লক্ষাধিক লোক কৱিড-১৯মহামাৰীৰ দ্বাৰা আক্ৰান্ত হ’লহেতেঁন ৷" এইদৰে কয় বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৷ লক্ষ্যণীয় যে বৈদেশিক মন্ত্ৰ্যালয় অস্বীকাৰ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ৷ আনকি এনেধৰণৰ কোনো প্ৰতিবেদন ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰস্তুত কৰা নাই বুলি দাবী কৰি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সচিব লাভ আগৰৱালাই কয়, “ এনেধৰণৰ কোনো প্ৰতিবেদন আই চি এম আৰে প্ৰস্তুত কৰা নাই ৷ অনুগ্ৰহ কৰি বুজিবলৈ চেষ্টা কৰক যে যদি আমি সমূহীয়াভাবে কঠোৰ পৰিশ্ৰম কৰো তেন্তে পৰিস্থিতি নিয়ন্ত্ৰন কৰিব পাৰিম ৷” ইপিনে, দুটা গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ পৰস্পৰবিৰোধী স্থিতিয়ে দেশত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷ কি কাৰণত মন্ত্ৰালয় দুটাই আই চি এম আৰৰ প্ৰতিবেদনক লৈ সুকীয়া তথ্য প্ৰকাশ কৰিছে, সেয়া নুবুজা সাঁথৰত পৰিণত হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ কম, সামাজিক সংক্ৰমণ নাই : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়‌

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি