৬ খন জিলাত ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হব

৬ খন জিলাত ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা  হব

৬ খন জিলাৰ মুখ্য কাৰ্যালয়ৰ অধিনত ৰাজ্যত ২০০ খন বিদেশী ন্যায়াধীশকৰনৰ স্থাপন কৰা হব । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰাৰ পিছত সৃষ্টি হব লগা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত ২০০ খন বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হব। গুৱাহাটী , যোৰহাট , শিলচৰ , নগাঁও, বঙাইগাঁও আৰু তেজপুৰত স্থাপন কৰা হব । ৩১ জুলাইত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰাৰ এমাহৰ পিছত এই বিদেশী ন্যায়াধীশকৰন সমুহ কাৰ্যক্ষম কৰা হব । অনুমোদন জনোৱা ৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ ২০০ খন প্ৰথম পৰ্যায়ত অনুমোদন জনোৱা হব।

গৃহ আৰু ৰাজনৈতিক বিভাগে ইতিমধ্যে জিলাৰ জিলা উপায়ুক্ত সমূহলৈ বিদেশী ন্যায়াধীশকৰন স্থাপনৰ বাবে উপযুক্ত স্থান বিচাৰিবলৈ প্ৰত্ৰ প্ৰেৰণ কৰিছে । ইমান কম সময়ৰ ভিতৰতে ৰাজ্যৰ প্ৰত্যেক খন জিলাতে বিদেশী ন্যায়াধীশকৰন স্থাপন কৰাটো সম্ভৱপৰ নহয় , সেয়েহে প্ৰথম পৰ্যায়ত ৬ খন জিলাত বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হব ।

ছেপ্তেম্বৰ মাহৰ পৰা এই ২০০ খন বিদেশী ন্যায়াধীশকৰন কাৰ্যক্ষম কৰা হব । গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে বিদেশী ন্যায়াধীশকৰন সমুহত সদস্য নিযুক্তিৰ পক্ৰিয়া আৰম্ভ কৰিছে । প্ৰত্যেক খন বিদেশী ন্যায়াধীশকৰনতে এজন সদস্য আৰু ১০ জন কৰ্মচাৰীক নিযুক্তি দিয়া হব । ইলেক্ট্ৰনিক বিদেশী ন্যায়াধীশকৰন প্ৰকল্পৰ মুখ্য কাৰ্য্যবাহী বিষয়া আনন্দ প্ৰকাশ তিৱাৰীয়ে প্ৰকাশ কৰে যে, অসমৰ বিদেশী ন্যায়াধীশকৰনত ২২১ প্ৰাৰ্থীৰ পেনেল নিযুক্তি দিয়া হব । বিদেশী ন্যায়াধীশকৰন সমুহত ২,০০০ পষ্টত পূৰন কৰিবলৈ বিজ্ঞাপন দিয়া হৈছে।

বিদেশী ন্যায়াধীশকৰনৰ বাবে সদস্যৰ ১৫ জুলাইৰ পৰা সাক্ষাৎকাৰ গ্ৰহণ কৰা হব, ২০ আগষ্টত ফলাফল ঘোষণা কৰা হব । সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ ১ ছেপ্তেম্বৰৰ পৰা কাৰ্যক্ষম কৰা হব ।

অসমৰ ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ সময় সীমা বৃদ্ধি কৰাৰ পৰিবৰ্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমত ৪০০ খন অধিক বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছিল।

৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ সৈতে অসমত মুঠ বিদেশী ন্যায়াধীশকৰন হব ৫০০ খন । বৰ্তমান অসমত ৩৬ খন স্থায়ী বিদেশী ন্যায়াধীশকৰন আৰু ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন আছে। চলিব বৰ্ষৰ ২৩ মেত এই ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ বৈধতা সমাপ্ত হয় ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাজ্যত ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হয়। ১০০ খন বিদেশী ন্যায়াধীশকৰন থকাৰ পাছতো ৰাজ্যত বৰ্তমানেও প্ৰায় ২ লাখ গোচৰ মীমাংসা হোৱা নাই ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com