Begin typing your search above and press return to search.

অসমৰ এগৰাকী মহিলাক বিদেশী বুলি ঘোষণা কৰিছে বিদেশী ন্যায়াধীশকৰনে

অসমৰ এগৰাকী  মহিলাক বিদেশী বুলি ঘোষণা কৰিছে বিদেশী ন্যায়াধীশকৰনে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2019 12:20 PM GMT

এগৰাকী ৪০ বছৰীয়া মহিলাক বিদেশী ন্যায়াধীশকৰনে বিদেশী বুলি ঘোষণা কৰে আৰু ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে। মহিলা গৰাকী বিহাৰৰ প্ৰকৃত বাসিন্দা বুলি প্ৰকাশ কৰিছে । মহিলা গৰাকীৰ দেউতাক বিহাৰত জন্ম হৈছিল , কিন্তু ব্ৰিটিছৰ সময়ৰ পৰা পৰিয়ালটোৱে অসমত বাস কৰি আহিছে।

অমিলা চাহ নামৰ মহিলা গৰাকীক ১৫ জুনত শোণিতপুৰ জিলাৰ ধলাইবিলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। বিদেশী ন্যায়াধীশকৰনে ৩০ এপ্ৰিলত মহিলা গৰাকীক বিদেশী বুলি ঘোষণা কৰিছিল । অমিলা চাহে কেশব প্ৰসাদ গুপ্তাৰ জীয়েক হিচাপে প্ৰমাণ দিব নোৱাৰিলে । বিহাৰৰ নন্দনলালত জন্ম গ্ৰহণ কৰি প্ৰতাপগড় চাহ বাগিছালৈ ১৯৪৮ চনত ৰাওনা হৈছিল । উল্লেখযোগ্য যে , অমিলা চাহৰ পৰিয়ালৰ সদস্য সকলৰ লগতে তেওঁৰ ভগ্নী ভাতৃৰ নাম এন আৰ চিৰ তালিকাত প্ৰকাশ পাইছে ।

অমিলা চাহৰ ভাতৃ ৰমেশ গুপ্তায়ে প্ৰকাশ কৰে যে, ১৫ জুনত তেওঁক ডিটেনচন কেম্পলৈ লৈ যোৱা হয় । আমি ভাৰতীয় লোক । আমি বিহাৰৰ হিন্দী ভাষা লোক অসমত বসবাস কৰো । আমাৰ দেউতা বিহাৰৰ । আমি আৰ্থিক ভাৱে দুৰ্বল আৰু কম শিক্ষিত হব পাৰো কিন্তু সেই বুলি এইটো অৰ্থ নহয় যে আমি ভাৰতীয় নহয় । আমাৰ নাম এন আৰ চিৰ তালিকাত সন্নিৱিষ্ট হৈছে । "

পৰিয়ালৰ লোকে বিদেশী ন্যায়াধীশকৰনৰ ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি প্ৰকাশ কৰে। অমিলা চাহৰ পুত্ৰ ভোলা চাহে প্ৰকাশ কৰিছে যে , " এন আৰ চি বাবে এনে ঘটনা সংঘটিত হোৱা নাই । এন আৰ চিয়ে বহি দেশৰ লোকক বিতাৰিত কৰিব । আমি বিহাৰৰ পৰা অহা ভাৰতৰ নাগৰিক । কেনেকৈ মোৰ মা বিদেশী হব পাৰে । "

আজি প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰাৰ তালিকা। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশ পোৱা নাম সমূহ এই অতিৰিক্ত তালিকাত প্ৰকাশ পায় । তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম। সকলো NRC সেৱা কেন্দ্ৰত উপলব্ধ হৈছে খচৰা ।

উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত এন আৰ চিত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম সন্ধিয়া হৈছে ।

যোৱা বছৰ প্ৰকাশ পোৱা খচৰাত ৪০.০৭ লাখ লোকৰ নাম প্ৰকাশ পোৱা নাই । ইয়াৰ ভিতৰত ৩৬.২০ লাখ লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক :প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা

Next Story
চাকৰি