প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা

প্ৰকাশ পালে  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা

আজি প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰাৰ তালিকা। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশ পোৱা নাম সমূহ এই অতিৰিক্ত তালিকাত প্ৰকাশ পায় । প্ৰকাশ পালে NRCৰ অতিৰিক্ত কৰ্তন খচৰা। পুৱা ১০ বজাৰ লগে লগে উপলব্ধ হ’ল খচৰা। তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম। সকলো NRC সেৱা কেন্দ্ৰত উপলব্ধ হৈছে খচৰা । চক্ৰ বিষয়া, মহকুমাধিপতি, উপায়ুক্তৰ কাৰ্যালয়তো উপলব্ধ খচৰা। পূৰ্বৰ খচৰাত অন্তৰ্ভুক্ত হোৱা লোকৰ নাম কৰ্তনেৰে প্ৰকাশ তালিকা। তালিকাত আছে ‘ডি’ ভোটাৰ, বিদেশী ঘোষিতৰ নাম । বিদেশী ন্যায়াধীকৰণত গোচৰ চলা লোকৰো নাম আছে তালিকাত। এই তালিকাত নাই দাবী-আপত্তিৰ শুনানিৰ ফলাফল। তালিকাত নাম সন্নিৱিষ্ট লোকলৈ প্ৰেৰণ কৰা হ’ব জাননী। ১১ জুলাইৰ ভিতৰত NRC সেৱাকেন্দ্ৰত উত্থাপন কৰিব পাৰিব দাবী । চূড়ান্ত NRC প্ৰকাশৰ পূৰ্বে শুনানিযোগে নিষ্পত্তি কৰা হ’ব দাবী। ৩১ জুলাইত প্ৰকাশ পাব চূড়ান্ত NRC।

এন আৰ চিৰ কতৃপক্ষয়ে সকলো ডি আৰ চি আৰ এচ ( District registrar of citizens registration) ক অতিৰিক্ত এন আৰ চি খচৰা খন পুৱা ১০ বজাত উপলব্ধ কৰিবলৈ প্ৰকাশ কৰা হৈছিল । এই তালিকা খন গাঁও , ৱাৰ্ডৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সেৱা কেন্দ্ৰৰ লগতে জিলা উপায়ুক্ত , এচ ডি অ আৰু চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপলব্ধ হব । অনলাইন যোগেও চাব পাৰিব তালিকা খন । পুৱা ১০ বজাত অনলাইন যোগে প্ৰকাশ কৰা হয় এন আৰ চিৰ অতিৰিক্ত তালিকা ।

সূত্ৰয়ে লগতে জনাই যে , অনলাইন যোগে জনসাধাৰণে www.nrcassam.nic.in ৰ তালিকা খন চাব পাৰিব। ২০১৮ চনৰ ৩০ জুলাইত এন আৰ চিৰ খচৰা খনত প্ৰকাশ পোৱা লোক সকলৰ নাম , আজি প্ৰকাশ পোৱা অতিৰিক্ত তালিকা খনতো সন্নিবিষ্ট হৈছে ।

আজি প্ৰকাশ পোৱা তালিকা খনত যিসকল লোকে পুনৰ আবেদন কৰিছিল , সেই সমূহ দাবী-আপত্তিৰ শুনানিৰ ফলাফল সমূহ সন্নিবিষ্ট নকৰে।উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত এন আৰ চিত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম সন্ধিয়া হৈছে ।

যোৱা বছৰ প্ৰকাশ পোৱা খচৰাত ৪০.০৭ লাখ লোকৰ নাম প্ৰকাশ পোৱা নাই । ইয়াৰ ভিতৰত ৩৬.২০ লাখ লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com