২৬ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা

২৬ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষই ২৬ জুনত এনআৰচিৰ অতিৰিক্ত খচৰা প্ৰকাশ কৰিব ৷ অতিৰিক্ত এনআৰচিৰ খচৰাত সেই আবেদকসকলৰ নাম অন্তৰ্ভূক্ত হ’ব যি সকলৰ নাম ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ পোৱা খচৰাত অন্তৰ্ভূক্ত আছিল ৷ ইফালে দাবী আপত্তি নিষ্পত্তিৰ বাবে অনুষ্ঠিত শুনানিৰ ফলাফল মৰ্মে ফলাফল মৰ্মে অযোগ্যৰূপে পৰিগণিত হোৱা ব্যক্তিসকলৰ নামো অন্তৰ্ভূক্ত হ’ব অতিৰিক্ত খচৰাত ৷

অন্যহাতে যোৱা বছৰৰ জুলাই মাহত এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছত ৰাজ্যৰ বিভিন্ন স্থানত সন্দেহযুক্ত ভোটাৰ,বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা বা ন্যায়াধিকৰণত গোচৰ চলি থকা লোকৰ নাম খচৰাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এন আৰ চি কৰ্তৃপক্ষই এই তালিকাৰ লোকক এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে অযোগ্য বিবেচিত কৰিছে ৷

লগতে বহু অযোগ্য ব্যক্তিৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷যাৰ ফলত এন আৰ চি কৰ্তৃপক্ষই পুনৰ পৰীক্ষাৰ পাছত অযোগ্য লোকৰ তালিকা প্ৰস্তুত কৰিছে আৰু এই তালিকা অহা ২৬ জুনত সেৱা কেন্দ্ৰ,জিলাৰ উপায়ুক্ত,মহকুমাধিপতি,চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰকাশ কৰাৰ লগতে অনলাইনত এন আৰ চিৰ ৱেবচাইটত প্ৰকাশ পাব ৷ নিজৰ নাম অনলাইনত চাবৰ কাৰনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ www.nrcassam.nic.in ত ক্লিক কৰিব লাগিব ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশৰ পূৰ্বে অসম চৰকাৰে ১০ টা অধিক ডিটেনচন কেম্প স্থাপনৰ পৰিকল্পনা কৰিছে। অসম চৰকাৰে ইতিমধ্যে এই প্ৰস্তাৱ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে ।অসমৰ ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ সময় সীমা বৃদ্ধি কৰাৰ পৰিবৰ্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমত ৪০০ খন অধিক বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছে ।

৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ সৈতে অসমত মুঠ বিদেশী ন্যায়াধীশকৰন হব ৫০০ খন । বৰ্তমান অসমত ৩৬ খন স্থায়ী বিদেশী ন্যায়াধীশকৰন আৰু ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন আছে। চলিব বৰ্ষৰ ২৩ মেত এই ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ বৈধতা সমাপ্ত হব|

উল্লেখ্য যে বিগত বছৰৰ ৩০ জুলাইত প্ৰকাশ কৰা চূড়ান্ত খচৰাত আৱেদন জনোৱা প্ৰায় ৩.২৯ কোটি লোকৰ ভিতৰত প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল ৷ অহা ২৬ জুনত প্ৰকাশ পাব লগীয়া অতিৰিক্ত তালিকাত, আৰু কিছু সংখ্যক লোকৰ নাম বাদ পৰিব ৷ অতিৰিক্ত তালিকাত যিসকলৰ নাম বাদ পৰিব,তেওঁলোকে অহা ১১ জুলাইৰ ভিতৰত দাবী উত্থাপন কৰিব পাৰিব আৰু দাবীসমূহ এন আৰ চি কৰ্তৃপক্ষই ৩১ জুলাইৰ মূল এন আৰ চিত প্ৰকাশ হোৱাৰ আগতে নিষ্পত্তি কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com