Begin typing your search above and press return to search.

৩৩ খন জিলাত ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ

৩৩ খন জিলাত ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2019 6:44 AM GMT

৩৩ খন জিলাত ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছত ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৰাজ্যৰ ৩৩ জিলাত ২০০ টা নতুন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আয়ুক্তক সম্প্ৰতি অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ প্ৰস্তুত কৰিবৰ কাৰণে কোৱা হৈছে। ইয়াৰ পূৰ্বতে অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ কেৱল আঠখন জিলাত স্থাপন কৰা হ’ব বুলি কোৱা হৈছিল ।

বিভাগে কৈছিল যে এনআৰচিত অন্তৰ্ভূক্তি নোহোৱা লোকসকল ১০০ টা বিদেশী ন্যায়াধীকৰণৰ যিকোনো এটাতে আপীল কৰিব পাৰে ।ইফালে এই নতুন সিদ্ধান্ত লোৱা হৈছে উচ্চ স্তৰীয় এখন বৈঠকত। সোমবাৰে হোৱা এই বৈঠকখন অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সভাপতিত্বত হৈছিল ৷এই বৈঠকখনত আশুতোষ অগ্নিহোত্ৰী,ভাস্কৰ জ্যোতি মহন্তৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ উচ্চ স্তৰীয় বিষয়াসকল উপস্থিত আছিল।

দ্য চেন্টিনেলৰ লগত হোৱা মত বিনিময়ত অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে আমি এনআৰচিৰ কাৰণে ৰেড মেপ তৈয়াৰ কৰিছোঁ ৷লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা নিৰ্বাচিত সদস্যক ২০০ বিদেশী ন্যায়াধীকৰণত নিযুক্তি দিয়া হ’ব ৷এবাৰ বিদেশী ন্যায়াধীকৰণৰ কাম হোৱাৰ পিছত ইয়াৰ সংখ্যা হ’বগৈ ৩০০ ৷

আনহাতে এনআৰচিৰ চূড়ান্ত পঞ্জী প্ৰকাশৰ সময়ত সকলোৱে শান্তি সম্প্ৰীতি ভাৱে থকাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এইয়া ৰাজ্য বাসীৰ কাৰণে ভাল সংকেত বুলি মন্তব্য কৰে। লগতে তেওঁ প্ৰশাসনৰ লোককো ধন্যবাদ দিয়ে। ইফালে পূৰ্বৰ সিদ্ধান্ত অনুসৰি গৃহ আৰু ৰাজনৈতিক বিভাগে বিদেশী ন্যায়াধীকৰণ স্থাপনৰ ক্ষেত্ৰত কামৰূপত ৬৭,নগাঁৱত ৩৯,যোৰহাটত ৩১,তেজপুৰত ২১,শিলচৰত ২০, ধুবুৰীত ১০,কোকৰাঝাৰত ৭,আৰু পাঁচটা বঙাইগাঁৱত স্থাপনৰ সিদ্ধান্ত লৈছিল।

অন্য খবৰৰ বাবে পঢ়ক: আঠখন জিলাত হ’ব ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক:Ganesh Puja Celebrated in Tinsukia | The Sentinel News | Assam News

Next Story
চাকৰি