ডা: পান্নালাল ওচৱালৰ ২০ তম মৃত্যু বাৰ্ষিকী পালন

ডা: পান্নালাল ওচৱালৰ ২০ তম মৃত্যু বাৰ্ষিকী পালন

ধুবৰীৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডা: পান্নালাল ওচৱালৰ ২০ তম মৃত্যু বাৰ্ষিকী দুদিনীয়া কাৰ্যসূচীৰে যোৱা ২১ আৰু ২২ ছেপ্টেম্বৰত পালন কৰা হয় । ইয়াৰ লগত সংগতি ৰাখিয়েই ডা: পান্নালাল ওচৱাল মেমোৰিয়েল কমিটীৰ তত্বাৱধানত সামূহিক পদযাত্ৰা আৰু নাৰী সবলীকৰণৰ বিষয়ত এক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ।

নাৰী সবলীকৰণ বিষয়ত অনুষ্ঠিত হোৱা আলোচনাচক্ৰ খনৰ অধ্যক্ষতা কৰে বিশিষ্ট শিল্পী নন্দা নেওগীয়ে । সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে প্ৰবীণ শিক্ষাবিদ সুব্ৰতা বৰুৱা আৰু অধ্যাপিকা নৱনীতা দেৱী , ধুবুৰী জিলাৰ মহিলা আৰক্ষী অধীক্ষক হিমাক্ষী নাথ , সহকাৰী নিৰীক্ষক মামনি কুমাৰী , সহকাৰী শিক্ষক ৰৌচান মেহতাব , আৰু অধ্যাপক ধ্ৰুৱ মাহাতো । তদুপৰি নাৰী সকলে অসামাজিক তত্ত্বৰ পৰা নিজক কেনেদৰে ৰক্ষা কৰিব পাৰে সেই লৈ এক সমৰ কৌশল প্ৰদৰ্শন কৰা হয় ।

সভাৰ আৰম্ভণিতে অধ্যক্ষ তথা অধ্যাপক গিৰিন্দ্ৰ নাথ গোস্বামী ৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা সভাত ডা: পান্নালাল ওচৱালৰ প্ৰতিচ্ছবিত পূষ্পাঞ্জলি অৰ্পণ কৰা হয়।দ্বীতিয় দিনৰ কাৰ্যসূচীত ধুবুৰী ডিষ্টিক হেৰিটেজ কনচাৰভেচন ছোচাইটিৰ বিজয় কুমাৰ শৰ্মাৰ তত্ত্বাৱধানত হোৱা পদযাত্ৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসহ কমেও ডেৰ শতাধিক লোকে অংশগ্ৰহন কৰে ।

এই সভাতে ধুবুৰী ডিষ্ট্ৰিক মিউজিয়াম অফিচাৰ মৃন্ময় দাসে সেই ঠাই খিনিৰ ঐতিহাসিক আৰু পৰম্পৰাগত দিশ সমূহৰ বিষয়ৰ আলোকপাত কৰি বক্তব্য ৰাখে।এই পদযাত্ৰা কাৰ্যসূচী ফ্লেগ অফ কৰে ডা: পান্নালাল ওচৱাল মেমৰিয়েল কমিটীৰ অধ্যক্ষ গিৰিন্দ্ৰ নাথ গোস্বামী আৰু কলকাতা হাইকোৰ্ট ৰ অধিবক্তা ছান্দমাল ঘাৰাৱাট ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Two female drug peddlers apprehended in Guwahati | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com