ছেপ্তেম্বৰলৈকে ছুটি নাপাব চৰকাৰী চিকিৎসক ,নাৰ্ছে : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ছেপ্তেম্বৰলৈকে ছুটি নাপাব চৰকাৰী চিকিৎসক ,নাৰ্ছে : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগে। দিছপুৰস্থিত জনতা ভৱনত ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিলে সংবাদমেল। সংবাদমেলত হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে যে, জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা বিনামূলীয়া হব । মেডিকেল কলেজৰ ICU খৰছ আৰু ঔষধো বিনামূলীয়া হব বুলি প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে । মেডিকেল কলেজক সকলো খৰছ ৰাজ্য চৰকাৰে দিব । ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ বাবেও ১ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য দিয়া হব বুলি প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে।

ছেপ্তেম্বৰলৈকে চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক , নাৰ্ছ আৰু কোনো কৰ্মচাৰীয়ে ছুটী নাপাব । ছুটী লোৱা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ।

ছুটী লোৱা চিকিৎসাক, নাৰ্চৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব আৰক্ষী থানাত। ছুটী লোৱা চিকিৎস্যক নাৰ্চ আৰু কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰিব আইনী ব্যৱস্থা। কোনো বিশেষ অসুবিধাত যদি ছুটী ল'বলগীয়া হয় তেন্তে জিলা উপায়ুক্তৰ পৰা অনুমতি লব লাগিব।

এনকেফেলাইটিছ ৰোগী হস্পিতাললৈ আনোতে যদি ১০৮, ১০২ বাহনৰ সুবিধা লাভ নকৰে তেনে ৰোগীক ১০০০ টকাকৈ পৰিবহণ ব্যয় দিয়া হ'ব।

জাপানীজ এনকেফেলাইটিছ তিনিটা পৰ্যায়ত হয়। প্ৰথম জ্বৰ তাৰ পাছত শৰীৰত আক্ৰমণ কৰে। জ্বৰ হলেই যদি পৰীক্ষা কৰিব পাৰি তেন্তে তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা যাব। গাওঁতে এই পৰীক্ষা কৰিব পাৰিলে বচাব পাৰিব ৰোগীজনক। ২০১৫ চনত ১৩৫, ২০১৭ চনত ৮৭ গৰাকী মৃত্যু মুখত পৰিছিল। ১২.৮ লাখ ব্লাড চেম্পুল সংগ্ৰহ কৰা হৈছে। অকণমান পানী লগা জ্বৰ হলেই তেজ পৰীক্ষা কৰিবলৈ ৰাইজক আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১০৯৪ খন গাওঁ এই এনকেফেলাইটিছ বেমাৰৰ কৱলত পৰিছে, এই গাঁও সমূহত ফগিংৰ ব্যৱস্থা কৰা হৈছে আৰু ১০৮, ১০২ এম্বুলেঞ্চ বেছিকৈ ব্যৱস্থা কৰা হৈছে।

লগতে নিৰ্মলা সীতাৰমনৰ বাজেটক আদৰণি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুকুৰবাৰে অসম কেঞ্চাৰ কেয়াৰ প্ৰতিষ্ঠানে ৭ খন হস্পিতাল নিৰ্মাণৰ বাবে ৭৩৬ কোটি টকা অনুমোদন দিছে। ডিব্ৰুগড়, তেজপুৰ, লখিমপুৰ, যোৰহাট, দৰংত হ'ব কেন্সাৰ হস্পিতাল। আগষ্ট মাহৰ প্ৰথম সপ্তাহত ডিব্রুগড়ত ভূমিপূজন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে। তাৰ পাছতে পৰ্যায়ক্ৰমে অন্য কেন্সাৰ চিকিৎস্যালয়ৰ ভূমি পূজন হ'ব। ধুবৰী, বঙাইগাঁও, বৰপেটাৰ মাজতো হ'ব এখন কেন্সাৰ চিকিৎসালয় বুলি প্ৰ্কাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com