Begin typing your search above and press return to search.

অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জিএমচিএইচ পৰিদৰ্শন

অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জিএমচিএইচ পৰিদৰ্শন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jun 2019 8:57 AM GMT

অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পুৱা ৯.২১ বজাত গুৱাহাটী মেডিকেল কলেজ আৰু চিকিৎসালয় পৰিদৰ্শন কৰে ৷ লগতে প্ৰধান সচিব সমীৰ কুমাৰ সিন্হাৰ সহিতে এটি দলে বিয়লি ২ বজালৈকে সকলো সুবিধা পৰ্যবেক্ষণ কৰে ৷ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে জৰুৰীকালীন কক্ষ,নিঅ’নাটেল কেয়াৰ,লেবাৰ ৰূম,ব্লাড বেংক,এমআৰআই, মেডিকেল ষ্ট’ৰেজ আদি পৰ্যবেক্ষণ কৰে ৷

ইফালে মন্ত্ৰী ড° শৰ্মাই কয় যে এমআৰআই ডিপাৰ্টমেন্টৰ মেচিন প্ৰতি দিনে অহা প্ৰায় ১০ হাজাৰ লোকৰ ৰোগীৰ কাৰণে পৰ্যাপ্ত নহয়। গতিকে দুমাহৰ ভিতৰত আৰু এটা এমআৰআই মেছিনৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে ৷ৰোগীৰ সৈতে বাৰ্তালাপ কৰি বিনামূলীয়া ঔষধ পাইছে নে নাই,চিকিৎসা লাভৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে ।

ইফালে আন্তঃগাঁথনিৰ অধিক উন্নয়ন আৰু প্ৰতিজন ৰোগীক উপযুক্ত চিকিৎসা প্ৰদানৰ ওপৰত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অধিক মনোনিবেশ কৰিব বুলি কয় । অন্যহাতে অনাগত মাহৰ পৰা আই চি ইউত থকা ৰোগীৰ বাবেও বিনামূলীয়া ঔষধ উপলব্ধ কৰোৱা কথা প্ৰকাশ কৰে ৷ লগতে মেডিকেল কলেজৰ জেষ্ঠ্য অধ্যাপকসকলক মাতি আনি কি ঔষধৰ প্ৰয়োজন হ’ব সেই বিষয়ে তালিকা প্ৰস্তুত কৰিবলৈ কয় আৰু প্ৰায় সংখ্যক ঔষধ বিনামূলীয়াকৈ ৰোগীক যোগান ধৰিবলে চেষ্টা কৰা হ’ব বুলি আশ্বাস দিয়ে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

ৰাজ্যত বিনামূলীয়া হব কিডনি চিকিৎসা বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ।এটা কেন্দ্ৰত ৬ তা কৈ ডাইয়েলাইছিছ মেচিন থাকিব। ইয়াৰে ৫ টা সাধনাৰ ৰোগীৰ বাবে আৰু এটা HIV ৰোগীৰ কাৰণে উপলব্ধ হ’ব । এটা মেচিনত প্ৰতিদিনে ৩ জনকৈ মুঠ ৫ টা মেচিনত ১৫ জনকৈ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিব পাৰিব।

নলবাৰীৰ পাছত প্ৰথম পৰ্যায়ত ১৫ জুনত দৰং জিলাৰ মঙ্গলদৈ অসামৰিক চিকিৎসালয়, ১৬ জুনত শোণিতপুৰ জিলাৰ কনকলতা অসামৰিক চিকিৎসালয় , ১৭ জুনত তেজপুৰ মেডিকেল কলেজ, ১৮ জুনত তিনিচুকীয়া জিলাৰ LGB অসামৰিক চিকিৎসালয়, ১৯ জুনত মৰিগাঁও অসামৰিক চিকিৎসালয়, ২০ জুনত ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ আৰু বঙাইগাঁও জিলা চিকিৎসালয় ত এই চিকিৎসা ব্যৱস্থা আৰম্ভ হ’ব।

দ্বিতীয় পৰ্যায়ত অৰ্থাৎ তিনি মাহৰ ভিতৰত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় , শিৱসাগৰ অসামৰিক চিকিৎসালয়, উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়, ধেমাজি অসামৰিক চিকিৎসালয়, ডিফু অসামৰিক চিকিৎসালয়, ধুবুৰী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয় কিডনী ৰোগীক ডাইয়েলাইছিছ চিকিৎসা ব্যৱস্থা আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে।

অন্য খবৰৰ বাবে পঢ়ক: তেজপুৰত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিনামূলীয়া ডাইলাছিছ আঁচনি মুকলি

Next Story
চাকৰি