তেজপুৰত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিনামূলীয়া ডাইলাছিছ আঁচনি মুকলি

স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালযত এম আৰ আই চেন্টাৰ আৰু বিনামূলীয়া ডায়েলাইছিছ আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইছিছ আঁচনিৰ শুভাৰম্ভ কৰে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিনামূলীয়া ডাইলাছিছৰ সুবিধা প্ৰদান কৰাৰ কাৰণে দুখিয়া দৰিদ্ৰ সকলে চিকিৎসা কৰাৰ ক্ষেত্ৰত সকাহ পাব ৷
লগতে বিনামূলীয়া এই চিকিৎসা সেৱাৰ যোগেৰে মধ্যবিত্ত লোকসকলৰ বহু দিনীয়া এটি আশা পূৰণ হ’ব ৷ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণৰ সুবিধাৰ্থে লোৱা বিভিন্ন আঁচনিৰ সম্পৰ্কে উল্লেখ কৰে ৷ৰাজ্যখনত ১৮ টা বিনামূলীয়া বৃক্ক ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে ডায়েলাইছিছ কেন্দ্ৰ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী ড° শৰ্মাই ৷
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ১০.০৮ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা ১.৫ টি এম আৰ আই যন্ত্ৰৰ শুভাৰম্ভ কৰি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তেজপুৰ চিকিৎসা মহাবিদ্যালয় ৰাজ্যখনৰ আন পাঁচখন চিকিৎসা মহাবিদ্যালয়ৰ দৰেই সেৱা আগবঢ়াব বুলি কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ অসমৰ ১৮ খন চিকিৎসালয়ত ফেয়াৰফেক্সে প্ৰতিখনতে ৫ টাকৈ হেম’ডায়েলাইছিছ মেচিন বিনামূলীয়াকৈ যোগান ধৰিছে ৷এই সেৱা পৰিচালনা কৰাৰ কাৰণে চৰকাৰে এজন ৰোগীৰ বিপৰীতে এপ’ল’ চিকিৎসালয়ক ১২৯৬ টকা দিব লাগিব ৷ ইয়াৰে ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে বহন কৰিব ১০ শতাংশ ৷
ইফালে চিকিৎসা মহাবিদ্যালয়খনৰ বাবে ৪৮ টা চিকিৎসক কৰ্মচাৰীৰ আৱাস নিৰ্দাণ কাম অচিৰেই আৰম্ভ কৰা হ’ব ৷সভাত উপস্থিত থাকি তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে তেজপুৰত দুটাকৈ বৃক্ক ৰোগৰ ডায়েলাইছিছ কেন্দ্ৰ স্থাপন কৰাৰ বাবে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ শুভাৰম্ভ অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে শৰীৰ আৰু আত্মাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিলেই এগৰাকী ব্যক্তিয়েই জীৱনত সফল হ’ব পাৰে ৷ মন্দিৰ মছজিদ যোৱা অথবা হজ তীৰ্থ ভ্ৰমণ আমাৰ আত্মাৰ তাগিদা ৷ আৰ্তজনৰ দুখত দুখী হোৱা,কোনো লোকৰ সুখত সুখত হোৱা আমাৰ আত্মাৰ দ্বাৰা পৰিচালিত ৷
আজিৰ দৈনন্দিন কৰ্মব্যস্ততাৰ বাবে হয়তো আমি মানুহৰ ওচৰত গৈ সহায় কৰিব নোৱাৰে। অথবা ব্যস্ততাৰ কাৰণে পুৱা গধুলি মন্দিৰ মছজিদ যোৱাৰ পৰা বঞ্চিত হ’ব লগা হয় ৷কিন্তু চিকিৎসক সকলক ভগৱানে এটি সুযোগ প্ৰদান কৰিছে ।কাৰণ তেওঁলোকে মন্দিৰ মছজিদ নোযোৱাকৈ আত্মাৰ তাগিদা পুৰণ কৰিব পাৰে ।যদি আমি আৰ্তজনক সন্মান কৰোঁ,সহায় কৰোঁ ৷ তেন্তে আমাৰ আত্মাই পৰম তৃপ্তি লাভ কৰিব ৷ ভগৱানেও তেনে ব্যক্তিৰ প্ৰতি সদয় হ’ব ৷এইদৰে চিকিৎসাজগতৰ সৈতে জৰিত নাৰ্চ,চিকিৎসকসকলক সহৃদয়তাৰে সহযোগিতা আগবঢ়াবলৈ আহ্বান কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
ইফালে তেজপুৰৰ পুৰোৱাৰ মাতৃ আৰু শিশুসকলৰ এখন চিকিৎসালয় অনাগত দুমাহৰ ভিতৰত নিৰ্মাণ হোৱাৰ কথা উল্লেখ কৰে আৰু এখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ নিৰ্মাণ অনতি পলমে আৰম্ভ হোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী ড° শৰ্মাই ৷ উল্লেখ্য যে এই অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা,বিধায়ক গণেশ লিম্বু,প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ,এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা,যুটীয়া স্বাস্থ্য সঞ্চালক কৃষ্ণা কেম্পাই, চিকিৎসালয়খনৰ অধীক্ষক ড° ৰিণি দুৱৰা,ডায়েলাছিছ কেন্দ্ৰৰ তত্ত্বাৱধায়ক ড° হেমেন্দ্ৰ বৰাকে আদি কৰি ৰাজ্যৰ প্ৰমুখ্য লোকসকল উপস্থিত আছিল ।
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যত বিনামূলীয়া হব কিডনী চিকিৎসা: সংবাদমেলত ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ