ঈদ-উল-আধাৰ উপলক্ষ্যে ৮ লাখত বিক্ৰী ২১১ কেজিৰ ছাগলী

ঈদ-উল-আধাৰ উপলক্ষ্যে ৮ লাখত বিক্ৰী ২১১ কেজিৰ ছাগলী

সমাগত ঈদ-উল-আধা । ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এই উৎসৱটিৰ বাবে প্ৰস্তুত আৰম্ভ হোৱাৰ লগতে এক আনন্দ মুখৰ পৰিবেশে বিৰাজ কৰিছে । দেশৰ বিভিন্ন প্ৰান্তত এই উৎসৱটি উৎযাপনৰ বাবে বজাৰ সমূহো ভৰি পৰা পৰিলক্ষিত হৈছে ।

হামিৰপুৰত ২১১ কেজি ছাগলী এটা ৮ লাখ টকাক বিক্ৰী হোৱা ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । ঈদ-উল-আধাৰ উপলক্ষ্যে অব্ৰাৰ খান নামৰ লোক জনে ২১১ কেজি ছাগলীটো ৮ লাখ টকাত বিক্ৰী কৰে । এই সপ্তাহতে উৎযাপন কৰা হব ইদ-উল-আধা । আব্ৰাৰ খান , উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ বাসিন্দা । তেওঁ প্ৰকাশ কৰা মতে বহুতো ধন আৰু সময় খৰচ কৰিছিল এই ছাগলীটো ডাঙৰ কৰোঁতে । লগতে অব্ৰাৰ খানে কয় যে, এই ছাগলীটোক প্ৰত্যেক দিনাই ১ ঘন্টা মালিচৰ প্ৰয়োজন আছিল । বহুতো লোকে ঈদত কোৰবাণী দিবলৈ ছাগলী কেইটা ৬ লাখ দৰত বিচাৰিছিল । কিন্তু বিক্ৰী নকৰিলে খানে ।

য'ত নিলাম বজাৰত ৮ লাখত বিক্ৰী হয় এই ছাগলীটো । অব্ৰাৰ খানে প্ৰকাশ কৰা মতে তেওঁৰ ছাগলীটো দেশৰ আন ছাগলীবোৰতকৈ অধিক ওজনৰ । এই ছাগলীটোৰ ওজন হৈছে ২১১ কেজি ।নিলাম বজাৰত ঈদ-উল-আধাৰ উপলক্ষ্যে ৮ লাখত বিক্ৰী ২১১ কেজিৰ ছাগলীটো ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com