২৩ সংখ্যক প্ৰেছিডেন্টছ কাপত যমুনা বড়োৰ স্বৰ্ণ পদক লাভ

২৩ সংখ্যক প্ৰেছিডেন্টছ কাপত যমুনা বড়োৰ স্বৰ্ণ পদক লাভ

অসমৰ যমুনা বড়োয়ে ২৩ সংখ্যক ইণ্ডোনেছিয়াৰ লাবুৱান বাজোত অনুষ্ঠিত প্ৰেছিডেন্টছ কাপ বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক লাভ কৰে। ফাইনেলত যমুনা বড়োয়ে ৫-০ ব্যৱধানত পৰাস্ত কৰে ইটালীৰ অভিজ্ঞ বক্সাৰ গিউলিয়া লামাগনাক। ইয়াৰ পূৰ্বতে যমুনাই গুৱাহাটীত আয়োজিত ছেকেণ্ড ইণ্ডিয়া অ’পেন ইন্টাৰনেশ্যনেল বক্সিঙ টুৰ্নামেন্টত স্বৰ্ণ পদকত জয় লাভ কৰে ৷

ইফালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যমুনা বড়োৰ এই সাফল্যৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰে ৷

https://twitter.com/sarbanandsonwal/status/1155494684635959298

ছবাৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কম (৫১) কেজি আৰু ২০১৮ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ জয়ী ছিমৰনজিৎ কৌৰেও (৬০ কেজি)ইণ্ডোনেছিয়াৰ লাবুৱান বাজুত অনুষ্ঠিত ২৩ সংখ্যক প্ৰেছিডেন্টছ কাপ বক্সিঙত দেওবাৰে সোণৰ পদক লাভ কৰিছ ৷ ইফালে অসমৰ যমুনা বড়োৱে ইণ্ডোনেছিয়াৰ লাবুৱান বাজুত প্ৰেছিডেন্টছ কাপ বক্সিঙত সোণৰ পদক লাভ কৰিছে ।

শিৱ থাপাই স্বৰ্ণ পদক লাভ কৰাৰ পাছত অসমৰ আন এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন বক্সাৰ যমূনা বড়োই আন এখন আন্তৰাষ্ট্ৰীয় টুৰ্নামেন্টত অনুৰূপ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। মে’ মাহত ইণ্ডিয়া অ’পেন বক্সিঙত স্বৰ্ণ পদক জয় কৰা যমুনাই ইণ্ডোনেছিয়াৰ লাবুৱান বাজুত অনুষ্ঠিত প্ৰেছিডেন্টছ কাপ বক্সিঙ চেম্পিয়নশ্বিপত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰে ৷যমুনা বড়োয়ে ৫-০ ব্যৱধানত পৰাস্ত কৰে ইটালীৰ অভিজ্ঞ বক্সাৰ গিউলিয়া লামাগনাক ৷

আনহাতে অক্টোবৰত হ’ব লগীয়া বিশ্ব চেম্পিয়ন শ্বিপৰ প্ৰস্তুতি হিছাপে প্ৰেছিডেন্ট কাপত ভাগ লৈ মেৰী কমে মহিলাৰ ৫১ কিলোগ্ৰাম শাখাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ ফ্ৰেংকছ এপ্ৰেলক পৰাস্ত কৰে ৫-০ ব্যৱধনাত ৷ টুৰ্নামেন্টখনত শ্ৰেষ্ঠ দলৰ সন্মান পোৱা ভাৰত লাভ কৰে সাতটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক ৷

মহিলাৰ ৬০ কিলোগ্ৰাম শাখাৰ ফাইনেলত ভাৰতৰ ছিমৰনজিত কৌৰে এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী ইণ্ডোনেছিয়াৰ হাছানা হুছৱাটুনক ৫-০ ব্যৱধানত পৰাস্ত কৰে ৷ ইফালে এম চি মেৰী কমৰ এই সাফল্যৰ পিছত টুইটাৰ যোগে মেৰী কমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই স্বৰ্ণ পদক মোৰ আৰু মোৰ দেশৰ কাৰণে উৎসৰ্গিত ৷

লগতে মেৰী কমে এই সাফল্যত প্ৰেৰণা দিয়া সকলোকে ধন্যবাদ জনায় ৷উল্লেখ্য যে পুৰুষৰ শাখাত স্বৰ্ণ পদক জয় কৰে অংকুশ ডাহিয়া,নীৰজ স্বামী আৰু অনন্ত প্ৰহ্লাদ চোপাডেই ৬৪ কিলোগ্ৰামৰ ফাইনেলত ডাইয়াই মাকাউৰ লেউং কিন কঙক ৫-০,৪৯ কিলোগ্ৰামৰ ফাইনেলত নীৰজ স্বামীয়ে ফিলিপাইনছৰ মেকাভো ৰামেল জুনিয়ৰক ৪-১ আৰু অনন্ত প্ৰহ্লাদ চোপাডেই ৫২ কিলোগ্ৰামৰ ফাইনেলত আফগানিস্তানৰ ৰেহমানি ৰামিছক ৫-০ ব্যৱধানত পৰাস্ত কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com